গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃ বিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা
গুৱাহাটী, মে' ৮ : শৈক্ষিক দিশৰ লগতে ক্ৰীড়াক্ষেত্ৰতো উৎকৰ্ষ সাধনৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত তথা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত ৮ মে', ২০২৬ তাৰিখৰ পৰা দুদিনীয়াকৈ আন্তঃ বিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হয়।
ৰাজ্যৰ ওঠৰখন বিশ্ববিদ্যালয়ৰ দুশ খেলুৱৈয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতা উদ্বোধন কৰি উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱে বৰ্তমান সময়ত শৈক্ষিক পাঠ্যক্ৰমত ক্ৰীড়াৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি কয় যে, "বৰ্তমান সময়ত শিক্ষাৰ সমান্তৰালভাৱে ক্ৰীড়াৰ ভূমিকাও অত্যন্ত গুৰুত্বপূৰ্ণ। শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশ, নেতৃত্বৰ গুণ, শৃংখলা আৰু দলীয় চেতনা গঢ়ি তোলাত ক্ৰীড়াই বিশেষ ভূমিকা পালন কৰে। সেই উদ্দেশ্যে আগত ৰাখিয়েই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমতো ক্ৰীড়াক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। আন্তঃবিশ্ববিদ্যালয় পৰ্যায়ৰ এনে প্ৰতিযোগিতাই শিক্ষাৰ্থীসকলক শাৰীৰিক আৰু মানসিকভাৱে অধিক সক্ষম কৰি তোলাৰ লগতে সুস্থ প্ৰতিযোগিতামূলক মানসিকতা গঢ়ি তোলাত সহায় কৰে।”
অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক অংকুৰ ভৰালীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উক্ত পদক্ষেপক প্ৰশংসা কৰি কয় যে, "ৰাজ্যখনত ক্ৰীড়া সংস্কৃতি অধিক শক্তিশালী কৰি তুলিবলৈ এইধৰণৰ প্ৰতিযোগিতা অত্যন্ত প্ৰয়োজনীয়। এনে মঞ্চই খেলুৱৈসকলক তেওঁলোকৰ প্ৰতিভা বিকাশৰ সুযোগ দিয়াৰ লগতে ভৱিষ্যতৰ বৃহৎ ক্ৰীড়াক্ষেত্ৰৰ বাবে প্ৰস্তুত হোৱাত সহায় কৰিব বুলি আমি আশাবাদী।”
পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই সময়ে সময়ে প্ৰয়োজনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ক সহায় সহযোগিতা আগবঢ়াই অহা যুৱ কল্যাণ বিভাগক ধন্যবাদ জ্ঞাপন কৰি বিশ্ববিদ্যালয়সমূহৰ মাজত সম্প্ৰীতি, সমন্বয় আৰু সুস্থ ক্ৰীড়াসুলভ মানসিকতা গঢ়ি তোলাত এনে প্ৰতিযোগিতাসমূহে বিশেষ ভূমিকা পালন কৰে বুলি উল্লেখ কৰে।
উক্ত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত শ্ৰেণীসমূহৰ সচিব অধ্যাপক সঞ্জয় কুমাৰ সিং, ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ ৰঞ্জন কুমাৰ কাকতি, উপ ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ কুলদীপ পাটগিৰি, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি গুঞ্জন ডেকা সমন্বিতে অধ্যাপক তথা খেলুৱৈসকল উপস্থিত থাকে।


No comments