Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ


গুৱাহাটী, ২৩ মে :  মানুহৰ জীৱনত নিজৰ জন্মদিনটোৰ গুৰুত্ব অপৰিসীম।  বহু লোকে  লোকে হোটেল - ৰেষ্টোৰা আদিত কেক কাটি পৰিয়াল বা বন্ধু - বান্ধৱৰ সৈতে পাৰ্টি কৰি আনন্দ ফুৰ্তি কৰা পৰিলক্ষিত হয় । কিন্তু ইয়াৰ বিপৰীতে প্ৰতি বছৰে ২৩ মে'ৰ নিজৰ জন্মদিনটোত বিগত কিছু বছৰ ধৰি সমাজৰ প্ৰতি ইতিবাচক দৃষ্টিভংগীৰে কিছু ব্যতিক্ৰমী ধৰণৰে কৰি আহিছে গুৱাহাটীৰ আজাৰা গাওঁ পঞ্চায়ত এলেকাৰ  বিশিষ্ট সমাজকৰ্মী , দীপৰ বিলৰ কাষৰীয়া  দেউছটাল নিবাসী বলেশ্বৰ ৰংপীয়ে। 

আজি তেওঁ নিজৰ জন্মদিনটোত ৰাণী শিক্ষা খণ্ডৰ অধীনৰ মেঘালয় সীমান্তৰ কিছু নিলগৰ মাটেখাৰ অঞ্চলৰ পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ - ছাত্ৰীৰ শিক্ষা গ্ৰহণত সহায়ক হোৱাকৈ ৩ যোৰ ডেস্ক - বেঞ্চ প্ৰদান কৰে । একেদৰে পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানটোত অঞ্চলটোৰ ১০ জন কৃষকক বনৰীয়া হাতী খেদা কাৰ্যত সহায়ক হোৱাকৈ এটাকৈ  মুঠ ১০ টা উচ্চক্ষমতা সম্পন্ন টৰ্ছ লাইট বিতৰণ কৰা হয় । অনুষ্ঠানত পাটগাওঁ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতু বড়োকে ধৰি শিক্ষক - শিক্ষয়ত্ৰী , ছাত্ৰ - ছাত্ৰীৰ উপৰিও  সমাজকৰ্মী  খগেন ইংতি,  নয়নমণি টুমুং , টেক বাহাদুৰ লিম্বু, সুশীল  থাপা, চন্দন ৰাজবংশী , নিতুল দাস আৰু অজিত মজুমদাৰ ।



No comments

Powered by Blogger.