Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ত _প্ৰাচীন সাঁচিপাতৰ পুথি অধ্যয়ন_ শীৰ্ষক কৰ্মশালা

 


গুৱাহাটী, মে'  ৭ : অসমৰ জ্ঞান-সংস্কৃতি, ঐতিহ্যৰ অন্যতম নিদৰ্শন সাঁচিপাতৰ সংৰক্ষণ তথা বিভিন্ন দিশ আলোচনা কৰাৰ উদ্দেশ্যেৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত তথা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উদ্যোগত বুধবাৰে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰত ‘প্ৰাচীন সাঁচিপাতৰ পুথি অধ্যয়ন’ শীৰ্ষক এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। 

উক্ত কৰ্মশালা উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই সাঁচিপাতৰ পুথিসমূহক অসমৰ ঐতিহাসিক আৰু সাংস্কৃতিক স্মৃতিৰ জীৱন্ত দলিল বুলি অভিহিত কৰি উল্লেখ কৰে যে, “সাঁচিপাত কেৱল পুৰণি পুথি নহয়, ই আমাৰ সভ্যতা, জ্ঞান-চর্চা আৰু সংস্কৃতিৰ অমূল্য ঐতিহ্য। ইয়াৰ সংৰক্ষণ আৰু অধ্যয়নৰ জৰিয়তে আমি আমাৰ শিপাৰ সৈতে সংযোগ স্থাপন কৰি আগন্তুক প্ৰজন্মকো ঐতিহ্যৰ মূল্য উপলব্ধি কৰাব পাৰোঁ। ডিজিটেল মাধ্যমৰ জৰিয়তেও অমূল্য সাঁচিপাত সমূহ ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব।”

কৰ্মশালাত উপস্থিত থাকি কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ গ্ৰন্থাগাৰিক ড⁰ প্ৰশান্ত কুমাৰ ডেকাই উল্লেখ কৰে যে, “সাঁচিপাতৰ পুথিসমূহ আমাৰ সমাজৰ জ্ঞান-ঐতিহ্যৰ অমূল্য ভাণ্ডাৰ। এই পুথিসমূহ সংৰক্ষণৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণ অতি প্ৰয়োজনীয়। এনেধৰণৰ কৰ্মশালাই শিক্ষাৰ্থীসকলৰ মাজত ঐতিহ্য চেতনাৰ বিকাশ ঘটোৱাৰ লগতে গৱেষণাৰ নতুন দুৱাৰ মুকলি কৰে।”

অৰ্ধশতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা উক্ত কৰ্মশালাত পাণ্ডুলিপি বিভাগৰ সহ সংৰক্ষক শ্ৰী ধনজিৎ তালুকদাৰ সমল ব্যক্তিৰূপে উপস্থিত থাকি সাঁচিপাতৰ পুথিৰ ইতিহাস, সংৰক্ষণ পদ্ধতি আৰু গৱেষণামূলক দিশসমূহৰ ওপৰত বিশদভাৱে আলোকপাত কৰে।

উক্ত কৰ্মশালাত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি আলোচনা আৰু মত-বিনিময়ৰ মাজেৰে অনুষ্ঠানতো সফল কৰি তোলে।

No comments

Powered by Blogger.