Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্ম জয়ন্তীত শব্দঘৰৰ উদ্যোগত তিনিদিনীয়াকৈ 'আলোকশিখা জ্বলুক প্ৰাণে’ শীৰ্ষক অনুষ্ঠান সম্পন্ন


 

গুৱাহাটী , ৫ মে : ২০২৩ বৰ্ষত প্ৰতিষ্ঠা হোৱা মাল্টি ডিচিপ্লিনেৰী আৰ্ট চেন্টাৰ ‘শব্দঘৰে  বিগত বৰ্ষৰ দৰে  এইবেলিও  কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্প চৌহদত পহিলা মে'ৰ  পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত  ‘আলোকশিখা জ্বলুক প্ৰাণে’ শীৰ্ষক  অনুষ্ঠানৰ  ৪ মে'ৰ  দিনা সন্ধিয়া সফল সামৰণি পৰে । পহিলা মে'ৰ দিনা বিয়লি সাংস্কৃতিক প্ৰকল্পৰ কলা বিথিকা হলত কাৰ্যসূচীৰ লগত সংগতি ৰাখি ‘চিৰন্তন ২৫শে বৈশাখ’ শীৰ্ষক এখন প্ৰদৰ্শনী অনুষ্ঠিত হয়।


 

  প্ৰদৰ্শনীৰ ভাৱনা, বিন্যাস আৰু ৰূপায়ণ আগৰতলাৰ   শুভ্ৰজিৎ ভট্টচায্যৰ্ৰ৷ তিনিদিনৰ বাবে অনুষ্ঠিত প্ৰদৰ্শনীখন কেবা শতাধিক লোকে আহি উপভোগ কৰে । পহিলা মে'ৰ দিনা বিয়লি   বহু বিশিষ্ট লোকৰ উপস্থিতিত প্ৰদৰ্শনীখন উদ্ধোধন কৰিছিল  প্ৰখ্যাত ৰবীন্দ্ৰ সংগীত শিল্পী মনোজ মুৰুলী নায়াৰে ৷ আনহাতে চেমিনাৰ হলত শব্দঘৰৰ সভাপতি মাধুৰিমা বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত সকলোকে আদৰণি জনায় সম্পাদক পাৰমিতা নাগে । সভাত বিশেষ অতিথি হিচাপে ভাগ লৈ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা ৰবীন্দ্ৰ গৱেষক ডঃ উষাৰঞ্জন ভট্টাচাৰ্য ,  সন্মানীয় অতিথি হিচাপে ৰবীন্দ্ৰ সংগীত শিল্পী মনোজ মুৰুলী নায়াৰ , বিশিষ্ট কবি আৰু যুগশংখ কাকতৰ সম্পাদক বিকাশ চৰকাৰকে  ধৰি কেবাজনেও ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ওপৰত ভাষণ প্ৰদান কৰে। সভাত ৰবীন্দ্ৰ জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় ।

  ২ মে' দ্বিতীয় দিনা সন্ধিয়া  শব্দঘৰৰ সম্পাদক  পাৰমিতা নাগৰ পৰিচালিত ৰু আৰু ৰবি নামৰ এখন  শ্ৰুতি আলেখ্য অনুষ্ঠিত হয় । তাৰ পাছত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কলকাতাৰ শান্তি নিকেতনৰ পৰা আমন্ত্ৰিত বিখ্যাত ৰবীন্দ্ৰ সংগীত শিল্পী মনোজ মুৰলী নায়াৰে সংগীত পৰিৱেশন  কৰে । অনুষ্ঠানত ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া স্বপ্ননীল বৰুৱা, সাংস্কৃতিক কৰ্মী ডঃ সৌমেন্দ্ৰ ভাৰাতীয়াকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৪ মে'  শেহৰ দিনা শিল্পী মনোজ  মুৰলী নায়াৰৰ পৰিচালনাত 'ৰবীন্দ্ৰনাথৰ গানে শৈল্পিক ব্যাখ্যা' শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয় । সন্ধিয়া প্ৰদৰ্শনীখনৰ মাজেৰে অনুষ্ঠানৰ সামৰণি পৰে।

No comments

Powered by Blogger.