Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

জাপানী প্ৰতিনিধি দলৰ ৰাণীৰ কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা লাভলি হুড আশ্ৰম পৰিদৰ্শন



গুৱাহাটী, ১২ মে'  :  জাপানৰ এটা প্ৰতিনিধি দলে ১১ মে'ৰ দিনা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাণীগেটৰ পৰা কিছু নিলগৰ  ৰাণীৰ  বাক্ৰাপাৰাস্থিত কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা 'লাভলি হুড আশ্ৰম'  পৰিদৰ্শন কৰি তাত মাছৰূম  ডেভেলপমেণ্ট ফাউণ্ডেশ্যন ( এম ডি এফ ) ৰ উদ্যোগত চলি থকা বিভিন্ন কামকাজ , বহনক্ষম উন্নয়ন আদিৰ বুজ লয়। উল্লেখ্য যে জাপানৰ দুটা কোম্পানীয়ে  এম ডি এফৰ সৈতে সহযোগিতাৰে  বিগত কেবামাহ ধৰি বৈজ্ঞানিক পদ্ধতিৰে মাছৰূমৰ উৎপাদন বৃদ্ধি কৰাৰ হকে কাম কৰি আহিছে ।

 তাৰ ভিতৰত মাছৰূমৰ অভিজ্ঞ প্ৰশিক্ষক প্লেটফৰ্ম হিচাপে পৰিচিত 'কিনকো ছেনচেই'ৰ  সৈতে এম ডি এফে সম্প্ৰতি মাছৰূম বা কাঠফুলাৰ উন্নয়নৰ হকে কাম কৰি আহিছে।  আনহাতে পৰিদৰ্শনকালত জাপানৰ প্ৰতিনিধি দলটোৱে  লাভলি হুড আশ্ৰমত কাঠফুলাৰ  উৎপাদন , প্ৰশিক্ষণ  আদিৰ বুজ লোৱাৰ লগতে আধুনিক প্ৰযুক্তিৰ দ্বাৰা কৃত্ৰিম বুদ্ধিমত্তা ( AI) ৰ সহায়ত কিদৰে কাঠফুলাৰ উৎপাদন বৃদ্ধি কৰিব পাৰি সেই বিষয়ে পাৰস্পাৰিক মত - বিনিময় কৰে ।  আনহাতে পৰিদৰ্শন কালত  জাপানৰ প্ৰতিনিধি দলটোক  এম ডি এফৰ  সচিব প্ৰধান  প্ৰাঞ্জল বৰুৱাই  লাভলি হুড আশ্ৰমৰ কাৰ্যকলাপ সম্পৰ্কে এক বিস্তৃত প্ৰতিবেদন দাঙি ধৰে। পৰি।

 পৰিদৰ্শন কালত  কাঠফুলা খেতিৰ লগত জড়িত ৰাণী অঞ্চলৰ কেবাগৰাকী মহিলা কৃষক , পৃথিৱী পুষ্টি চল্যুচন প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী নিকুমণি বৰুৱা , ৰাভা হাচং স্বায়িত্ব শাসিত পৰিষদৰ সদস্যা পুষ্পাঞ্জলী ৰাভা , ৰাণী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি পৰমেশ্বৰ বৰ্মন , বি এছ এফৰ আজাৰা পাটগাওঁস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰৰ কেবাজনো  বিষয়াৰ লগতে বহু সংখ্যক কৃষক আৰু স্থানীয় লোক উপস্থিত থাকে।

No comments

Powered by Blogger.