Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

উত্তৰ ভাৰতত উৰ্দ্ধগামী তাপমাত্ৰাৰ বিপৰীতে অসমৰ নিম্নগামী; প্ৰচণ্ড গৰমৰ পৰা সকাহ ৰাইজৰ আগন্তুক চাৰিদিনলৈ বতৰ অপৰিবৰ্তনীয় হৈ থকাৰ সম্ভাবনা

 

গুৱাহাটী, 19 মে' : চুবুৰীয়া দেশ বাংলাদেশৰ আকাশৰ লগতে হিমালয়ৰ পাদদেশত সৃষ্টি হোৱা হোৱা বতৰৰ কেতবোৰ পৰিবৰ্তন আৰু প্ৰাকৃতিক পৰিঘটনাৰ বাবে সাগৰপৃষ্ঠৰ পৰা মাত্ৰ ৯০০ মিটাৰ ওপৰৰে জলীয় বাষ্পসহ বতাহ বলি আছে। ফলত বতৰৰ আকস্মিক পৰিবৰ্তন হৈছে।  বতৰৰ আকস্মিক পৰিবৰ্তনৰ ফলত বিগত ৪৮ ঘন্টাত অসমসহ উত্তৰ পূবৰ কেবাখনো ৰাজ্যত মজলীয়াৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈছে।

 আনকি গুৱাহাটীৰ  বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি সন্ধিয়া পুনৰ অহা চাৰিদিন পৰ্যন্ত বতৰ ডাৱৰীয়া হৈ অপৰিবৰ্তনীয় হৈ থকাৰ লগতে নামনি অসমৰ কেবাখনো জিলাত  গাজনি, ঢেৰেকণী,  বজ্ৰপাত , বৰষুণৰ সৈতে ধুমুহা বতাহ অহাৰ সম্ভাবনা ব্যক্ত কৰিছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পাছতে অসম ৰাজ্যিক  দূৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণেও  নামনি অসমৰ লগতে বি টি এ ডিৰ কোকৰাঝাৰ, চিৰাং, বাগচা  আদি জিলাকেইখনত নাগৰিক সকলক  অধিক সতৰ্ক হৈ থাকিবলৈ  আহ্বান জনাইছে।  

আনহাতে উত্তৰ ভাৰতৰ ৰাজ্য সমুহৰ উৰ্দ্ধগামী তাপমাত্ৰাৰ বিপৰীতে অসমত অব্যাহত আছে নিম্নগামী তাপমাত্ৰা । বিশেষকৈ বৰষুণকে ধৰি ডাৱৰীয়া বতৰৰ বাবে তাপমাত্ৰা বহুখিনী নিম্নগামী হোৱাত ৰাইজে গৰমৰ মাহ হিচাপে পৰিচিত জেঠ মাহৰ চাৰিটা দিন পাৰ হোৱাৰ পাছতো প্ৰচণ্ড গৰমৰ পৰা  বহু সকাহ লাভ কৰিছে। আনহাতে কালি  নামনি অসম, বি টি এ ডিৰ জিলা কেইখনৰ বেছিভাগ অঞ্চলতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ লগতে ধুমুহা বতাহ অহাৰ ফলত বিস্তৰ ক্ষতি সাধন হোৱাৰ খবৰ পোৱা গৈছে। 

 উল্লেখ্য যে বতৰ বিজ্ঞানৰ ভাষাত  ৬৫ মিলিমিটাৰ বা ৬.৫ চেণ্টিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হ'লে তাক ধাৰাষাৰ বৰষুণ বা প্ৰৱল  বৃষ্টিপাত হোৱা বুলি কোৱা হয় । কিন্তু কালি কোকৰাঝাৰ জিলাৰ বেছিভাগ অঞ্চলতে গড় হিচাপত ৭ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আজিৰ দিনটোত ৰাজ্যৰ প্ৰধান চহৰ নগৰ কেইখনৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ—গুৱাহাটীত  ৩০.৫ ডিগ্ৰী চেলচিয়াছ , ডিব্ৰগড়ত ২৩.৮ ডিগ্ৰী চেলচিয়াছ,  তেজপুৰত ২৭.০ ডিগ্ৰী চেলচিয়াছ ,  ধুবুৰীত ৩০.৫  ডিগ্ৰী  চেলচিয়াছ , যোৰহাটত ২৫.৩ ডিগ্ৰী চেলচিয়াছ , উত্তৰ লখিমপুৰত ২৫.৮  ডিগ্রী চেলচিয়াছ  , শিলচৰত ৩০.০ ডিগ্ৰী চেলচিয়াছ । 

আনহাতে একে সময়চোৱাত উত্তৰ পূবৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২৩.৮ ডিগ্ৰী চেলচিয়াছ। ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক চাৰিদিনত ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ অঞ্চলতে কম-বেছি পৰিমাণে আৰু ঠাইবিশেষ গাজনী, ঢেৰেকনি , বজ্ৰপাতৰ সৈতে ধুমুহা,  হ'ব বুলি সতর্কতা জাৰি কৰিছে। আনকি পাহাৰীয়া আৰু নৈপৰীয়া অঞ্চল সমূহত নিশাৰ ভাগত তুলনামুলক ভাৱে কিছু শীত অনুভূত হ্ৱ বুলিও বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰত প্ৰকাশ । 

আনহাতে বতৰৰ আকস্মিক পৰিবৰ্তনৰ বাবে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বেছিভাগ অঞ্চলতে সৰ্বাধিক গড় তাপমাত্ৰা ২ ৰ পৰা ৭ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত কমি গৈছে। যাৰ বাবে গৰমৰ মাহ হিচাপে পৰিচিত জেঠ মাহতো নিশাৰ ভাগত ৰাজ্যৰ কিছু কিছু অঞ্চলতে শীত নিবাৰণৰ বাবে মানুহে কাপোৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে।

No comments

Powered by Blogger.