Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

মিৰ্জাত সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান


গুৱাহাটী,৩০ মে' : সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা , অসমৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত অহা ৩১ মে'ত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত এখন বিশেষ সম্বৰ্ধনা সভাৰ আয়োজন কৰা হৈছে । 

সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি অৰবিন্দ কলিতা, সাধাৰণ সম্পাদক মৃগভ কলিতা আৰু বিত্ত সম্পাদক অভিজিত কলিতাই এটা বিবৃতিত জানিবলৈ দিয়া মতে সিদিনা পুৱা ৯ বজাত পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব।  ৯.৩০ বজাত শ্বহীদ তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰিব ক্ৰমে - সংগঠনটোৰ কেন্দ্ৰীয় কমিটিৰ সহকাৰী সম্পাদক ৰঞ্জিত মহন্ত আৰু সাংগঠনিক সম্পাদক ধৰ্মেন্দ্ৰ কলিতাই। 

১০ বজাত বীৰ ৰজা ভগদত্তৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিব অসম চৰকাৰৰ কলিতা উন্নয়ন পৰিষদৰ অধ্যক্ষ ডঃ ৰাজেন চন্দ্ৰ কলিতাই। দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া মূলসভাখন উদ্ধোধন কৰিব পলাশবাৰী সমষ্টিৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যই। সভাত চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিবে উত্তীর্ণ হোৱা ছাত্র-ছাত্রীক বিশেষ ভাবে সদৌ কলিতা জনগোষ্ঠী ছাত্র সন্থা, অসমৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হব।

No comments

Powered by Blogger.