Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

নিখিল ৰাভা সাহিত্য সভাৰ কামৰূপ জিলা কমিটি গঠন


 
চানডুবি , 25 মে’: নিখিল ৰাভা সাহিত্য সভাৰ (বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুম) কেন্দ্ৰীয় কাৰ্যকৰী সভাৰ প্ৰস্তাৱ মৰ্মে  ঐতিহাসিক চানডুবি বিলৰ ৰাজাপাৰাস্থিত মাইৰৌম হোটেলত আজি এখন সাধাৰণ সভা অনুষ্ঠিত  হয়। সভাত  পৌৰোহিত্য কৰে আহ্বায়ক মণ্ডলীৰ সদস্য জিৰা হৰেশ্বৰ ৰাভাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে কেন্দ্ৰীয় সম্পাদক মাটিৰাম ৰাভাই। উল্লেখনীয় যে নিখিল ৰাভা সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটীয়ে চলিত বৰ্ষৰ ৬ ফেব্ৰুৱাৰীত কামৰূপ জিলা কমিটিৰ সভাপতি আৰু সম্পাদকক বহিষ্কাৰ কৰিছিল। ইয়াৰ পাছত জিলা কমিটিখন বিকল হৈ পৰিছিল।

 সাহিত্য সভাৰ কাম–কাজ স্বাভাৱিক ৰূপত চলাই নিয়াৰ স্বাৰ্থত নতুনকৈ জিলা কমিটি গঠন সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় কমিটিৰ কেইবাখনো সভা অনুষ্ঠিত হৈছিল। বিভিন্ন সতীৰ্থৰ পৰামৰ্শৰ ভিত্তিত দেওবাৰে অনুষ্ঠিত সভাখনতে জিলা কমিটিখন নতুনকৈ গঠন কৰা হয়। 

আনহাতে  সভাত  সৰ্বসন্মতি ক্ৰমে জিৰা হৰেশ্বৰ ৰাভাক সভাপতি, গজেন চন্দ্ৰ ৰাভা আৰু হিতেশ ৰাভাক উপ–সভাপতি, কিশোৰী বিয়োগীক সাধাৰণ সম্পাদক, লাচিত পাতিৰাভা আৰু বিক্ৰম ৰাভাক সহঃসাধাৰণ সম্পাদক, অমৰ ৰাভাক বিত্ত, নীৰেন্দ্ৰ প্ৰসাদ ৰাভাক মুখপাত্ৰ আৰু আলোচনী, ইভানী ৰাভাক সাংস্কৃতিক, তপন ৰাভাক সাংগাঠনিক, ৰিদ্ধেশ্বৰ ৰাভাক কাৰ্যালয় বিভাগৰ সম্পাদক ৰূপে লগতে নিশা ৰাভা, কণিকা ৰাভা, প্ৰভাত ৰাভা, প্ৰাণেশ্বৰ ৰাভা, বাণেশ্বৰ ৰাভা, ৰবিন ৰাভা, সভাষ ৰাভাক কাৰ্যবাহী সদস্য ৰূপে বাচনি কৰি নতুনকৈ জিলা কমিটিখন গঠন কৰা হয়। 

 সভাত  সত্যজিৎ ৰাভা, মাটিৰাম ৰাভা, গোবিন্দ ৰাভা, বিদ্যা ৰাভা, আদিত্য ৰাভা, ৰিপুঞ্জয় ৰাভাক জিলা কমিটিৰ উপদেষ্টা ৰূপে বাচনি কৰা হয়।  সভাত কামৰূপ জিলা ৰাভা সাহিত্য সভাৰ বকো, বোন্দাপাৰা, ছয়গাঁও আঞ্চলিক কমিটি আৰু দৰং জিলাৰ প্ৰতিনিধিয়ে যোগদান কৰে।  

সভাখনত নিখিল ৰাভা সাহিত্য সভাৰ প্ৰধান সম্পাদক ৰাজকুমাৰ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপ–সভাপতি প্ৰদীপ ৰাভা, নিখিল ৰাভা জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক গোবিন্দ ৰাভা, ষষ্ঠ অনুসূচী দাবী সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যা ৰাভা, নিখিল ৰাভা সাহিত্য সভাৰ উপ সভাপতি সত্যজিৎ ৰাভা, নিখিল ৰাভা কৰ্মচাৰী পৰিষদ, নিখিল ৰাভা জাতীয় পৰিষদৰ বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক কমিটিৰ বিষয়ববীয়া–সদস্য, ব্যক্তি উপস্থিত থাকে।

No comments

Powered by Blogger.