Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ প্লেটিনাম ছাষ্টেইনেবল কেম্পাছৰ স্বীকৃতি লাভ


গুৱাহাটী , ১৯ মে': গৱেষণা হাইটছ ফাউণ্ডেচন আৰু পৰিবেশ সুৰক্ষা প্রশিক্ষণ তথা গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত শেহতীয়াকৈ অনুষ্ঠিত ভাৰত এনভাইৰনমেণ্টন্ট প্ৰগ্ৰেমৰ অধীনত গুৱাহাটীৰ আজাৰাস্থিত  গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে এক বিশেষ সম্মান লাভ কৰিছে।

২০২৬ বৰ্ষৰ ভাৰত ছাষ্টেইনেবিলিটি কেম্পাছ মিছনৰ অংশ হিচাপে বিশ্ববিদ্যালয়খনক প্লেটিনাম ছাষ্টেইনেবল কেম্পাছ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। যোৱা ২২ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ অনুষ্ঠিত পৃথিৱী সপ্তাহৰ বিশেষ কাৰ্যসূচীৰ মাজতে এই ঘোষণা কৰা হয়। 

পৰিবেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি বিশ্ববিদ্যালয়খনে আগবঢ়োৱা সেৱা আৰু সজাগতাৰ স্বীকৃতি হিচাপে এই বঁটা আগবঢ়োৱা হৈছে। কেম্পাছৰ ভিতৰত অনুকূল পৰিবেশ গঢ়ি তোলাৰ লগতে শিক্ষাৰ্থীসকলৰ মাজত প্রকৃতি প্রেম বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্রতিষ্ঠানটোৱে বিশেষ ভূমিকা পালন কৰিছে। প্রতিষ্ঠানটোৰ তৰফৰ পৰা জনোৱা হৈছে যে এই কামসমূহ সফল কৰি তোলাত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকসকল আৰু আয়োজক সমিতিয়ে বিশেষ পৰিশ্ৰম কৰিছিল। আগত দিনত গ্ৰীণ কেম্পাছ গঢ়ি তোলাৰ লক্ষ্যৰে বিশ্ববিদালয়খনে কাম কৰিব।

No comments

Powered by Blogger.