Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ৰাণীৰ তাঁতীবামা নিৰলপুৰত বন্যহস্তীৰ তাণ্ডৱ ; ধান, চাউল খাই ঘৰ লণ্ড - ভণ্ড

 


গুৱাহাটী, ১০ মে'  : পূব কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলক কাৰ্যালয়ৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৰ লগতে দাঁতি কাষৰীয়া গাওঁ সমূহত বন্যহস্তীৰ তাণ্ডৱৰ  ফলত উজাগৰি নিশা কটাবলগীয়া হৈছে  ৰাইজে । অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ এতিয়া তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে। ইয়াৰ মাজতে কালি মাজনিশা ৰাণীৰ পৰা প্ৰায় সাত কিলোমিটাৰ নিলগৰ  তাঁতীবামা নিৰলপুৰ গাঁৱৰ বাসিন্দা , জ্যেষ্ঠ বিজেপি কাৰ্যকৰ্তা সৰ্বেশ্বৰ কলিতাৰ উপৰিও দুই কৃষক ক্ৰমে মাধৱ কলিতা আৰু মুকুট কলিতাৰ  ঘৰত প্ৰৱেশ কৰে  বনহস্তীৰ এটা সৰু জাক।

 হাতীৱে তিনিওটা পৰিয়ালৰ ভড়াল ঘৰৰ বেৰ ভাঙি  ধান খাই তহিলং কৰে।  ইপিনে ওচৰতে থকা পাকঘৰৰ বেৰ ভাঙি জমা কৰি থোৱা চাউল খাই পুনৰ উপদ্ৰৱ চলাই আঁতৰি যায় হাতীৰ জাকটো ।  অঞ্চলটোৰ সচেতন ৰাইজে অভিযোগ কৰা অনুসৰি বনৰীয়া হাতীৰ উপদ্ৰৱৰ পাৰা অঞ্চলটোৰ ৰাইজক ৰক্ষা কৰাৰ কাৰণে বন বিভাগে যিমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনে নকৰাত দিনক দিনে হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে। প্ৰতিদিনে বৃহত্তৰ ৰাণী অঞ্চলত বনৰীয়া হাতীৱে কৃষকৰ ভঁৰাল ভাঙি তাত জমা থকা ধান খাই যোৱাটো এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে।

No comments

Powered by Blogger.