Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

পশ্চিম জালুকবাৰী সোঁৱৰী উৎসৱৰ লাইখুটা স্থাপন


  
গুৱাহাটী , ১২ এপ্ৰিল : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ লংকেশ্বৰস্থিত পশ্চিম জালুকবাৰী প্ৰাথমিক বিদ্যালয় চৌহদৰ বাকৰিত  অহা ১৬ এপ্ৰিল দুই বহাগত এদিনীয়া কাৰ্যসূচীৰে ৬১ সংখ্যক  পশ্চিম জালুকবাৰী আঞ্চলিক সোঁৱৰী উৎসৱ  উদযাপন কৰা হব। আনহাতে ১১ এপ্ৰিলত পুৱাৰ ভাগত আগন্তুক সোঁৱৰী  উৎসৱৰ লাইখুটা স্থাপন কৰা হয়। উৎসৱ উদযাপন সমিতিৰ কৰ্মকৰ্তা - সদস্য আৰু স্থানীয় বহুসংখ্যক ৰাইজৰ উপস্থিতিত মাংগলিক কাৰ্যৰ মাজেৰে লাইখুটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি কুশল কলিতা ( অমূল্য) ই ।


 অনুষ্ঠানত উদযাপন সমিতিৰ উপদেষ্টা ৰমেশ বৰা, কাৰ্যকৰী সভাপতি কিশোৰ কলিতা, উপ সভাপতিদ্বয় জয়ন্ত কলিতা আৰু ধীৰাজ তালুকদাৰ ( চান) , যুটীয়া সম্পাদকদ্বয় মুকুট কলিতা আৰু প্ৰণৱ দাস, উপ সমিতিৰ কৰ্মকৰ্তা ক্ৰমে - হেমেন দাস, দিলীপ কলিতা ( বু) হিতেন দাস, পংকজ কলিতা ,নিকুঞ্জ নাৰায়ণ বৰুৱাকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত আছিল।  


উল্লেখ্য যে ১৬ এপ্ৰিলৰ দিনা পুৱা পতাকা  উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত  ৯ বজাত বিষ্ণু পূজা আৰম্ভ , ১০ বজাত ভাগৱত পাঠ, ১১ বজাত বাৰগোপাল আদৰণি,  দূপৰীয়া ১২ বজাত পূৰ্ণাহুতি, বিয়লি ২ বজাৰ পৰা দধি মন্থন অনুষ্ঠান অনুষ্ঠিত হব । বিয়লি ৫ বজাত বাৰগোপাল সেৱা আৰু বিদায় অনুষ্ঠান ,  সন্ধিয়া ৬ বজাত মঞ্চ মুকলি কৰাৰ  পাছত শিশু শিল্পীসকলে শ্ৰী কৃষ্ণৰ নৃত্য পৰিৱেশন কৰিব। নিশা ৯ বজাৰ পৰা পাপৰি  ভ্ৰাম্যমাণ নাট্যদলে  নাট্যভিনয় মঞ্চস্থ কৰিব ।

 

No comments

Powered by Blogger.