সমগ্ৰ ৰাজ্যবাসি আজি উদযাপন কৰিছে জীয়ৰী বা চেনেহী বিহু
গুৱাহাটীৰ,19 এপ্ৰিল: ৰঙালী বিহু বা সাতবিহুৰ ষষ্ঠ দিনটো (সাধাৰণতে ৫ ব'হাগ) অসমত জীয়ৰী বা চেনেহী বিহু হিচাপে পালন কৰা হয়। এই দিনটোত বিবাহিত জীয়ৰীসকলে পিতৃগৃহলৈ আহি মাক-দেউতাক আৰু পৰিয়ালৰ লোকৰ সৈতে আদৰে-সাদৰে বিহু উদযাপন কৰে । ইয়াৰ লগতে গাভৰুসকলৰ মাজত এই বিহু যথেষ্ট জনপ্ৰিয় ।
এই দিনা বিয়া হোৱা জীয়ৰীসকল ঘৰলৈ আহে বাবে ইয়াক 'জীয়ৰী বিহু' আৰু আপোনজনক আদৰা হয় বাবে 'চেনেহী বিহু' বুলিও জনা যায় ।
এই বিশেষ দিনটোত পথাৰত বা মুকলি স্থানত সমনীয়া গাভৰুসকলে মিলি বিহু গীত গাই, ঢোল-পেঁপা বজাই বিহু নাচে ।এই বিহু জীয়ৰীৰ প্ৰতি থকা মাক-দেউতাকৰ চেনেহৰ প্ৰতীক। জীয়ৰী বিহু অথবা চেনেহী বিহুৰ দিনটোত জীয়ৰী-বোৱাৰীসকলে একেলগে মিলি বিহু নৃত্য আৰু বিয়া নাম গাই আনন্দ কৰে ।

No comments