Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

দুদিনীয়া কাৰ্যসূচীৰে মিকিৰপাৰা চকৰ্দোত ৪৯ সংখ্যক ৰঙালী বিহু


গুৱাহাটী , ২৬  এপ্ৰিল :  গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া মিকিৰপাৰা চকৰ্দো  ৰাজহুৱা সভাগৃহ চৌহদত মিকিৰপাৰা চকৰ্দো ৰঙালী বিহু  সন্মিলনীৰ উদ্যোগত অহা ২৮ আৰু  ২৯ দুদিনীয়া কাৰ্যসূচীৰে ৪৯ সংখ্যক ৰঙালী বিহু উদযাপন কৰা হব । আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি ২৮ এপ্ৰিলৰ দিনা বিয়লি ৪ বজাৰ পৰা একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব। নৃত্য প্ৰতিযোগিতাৰ প্ৰথম বিজয়ীক স্বৰ্গীয় দিলীপ কাকতি সোঁৱৰণী ( দাতা - নয়নমণি কাকতি) বঁটাসহ নগদ ৫,০০১ টকা আৰু দ্বিতীয় বিজয়ীক স্বৰ্গীয় নিবাৰণ ইংতি সোঁৱৰণী ( দাতা - প্ৰাণজিৎ ইংতি ) বঁটাসহ নগদ ৩, ০০১টকা প্ৰদান কৰাৰ বিপৰীতে  তৃতীয় বিজয়ীক সমাজকৰ্মী হৰিচৰণ ৰংপীয়ে বঁটাসহ নগদ ২,০০১ টকা প্ৰদান কৰিব । 

 ইয়াৰ উপৰিও  ২৮ এপ্ৰিলৰ  পুৱা ৰঙালী বিহুৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা ৮ বজাত এক বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হব। তাৰ পাছত পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব সন্মিলনীৰ সভাপতি সভাপতি হৰেন চন্দ্ৰ দাসে ।

 দিনৰ ভাগত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হব। নিশাৰ  সাংস্কৃতিক কাৰ্যসূচীত  কেবাজনো ন - পুৰণি শিল্পীয়ে সংগীত, বিহু হুঁচৰিকে ধৰি জনগোষ্ঠীয় শিল্পীৰ দলে নৃত্য পৰিবেশন কৰিব। আনহাতে ২৯ এপ্ৰিল দ্বিতীয় তথা শেহৰ দিনা সন্ধিয়াৰ পৰা অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক কাৰ্যসূচীত কেবাজনো ন-পুৰণি শিল্পীয়ে সংগীত আৰু জনগোষ্ঠীয় শিল্পীৰ দলে নৃত্য পৰিবেশন কৰিব।  

নিশা ১০.৩০ বজাৰ পৰা জনপ্ৰিয় কণ্ঠশিল্পী ৰিচা ভৰদ্বাজে সংগীত পৰিবেশন কৰিব। এইবেলি ৪৯ সংখ্যক ৰঙালী বিহুৰ কাৰ্যসূচী  সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সমাজকৰ্মী হৰেন চন্দ্ৰ দাসক সভাপতি , অখিল ৰংপীক কাৰ্যকৰী সভাপতি, যুৱ সমাজকৰ্মী প্ৰমোদ ৰংপীক সাধাৰণ সম্পাদক  আৰু  পৱন কলিতা ( বিৰাজ) কোষাধ্যক্ষ  হিচাপে লৈ এখন ৫১ জনীয়া কাৰ্যকৰী সমিতি গঠন কৰা হৈছে।

No comments

Powered by Blogger.