গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃমহাবিদ্যালয় ভলীবল, বাস্কেটবল, বেডমিণ্টন প্ৰতিযোগিতা
গুৱাহাটী, এপ্ৰিল ২৪ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্পৰ্টছ বৰ্ড আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত ক্রীড়াৰ জৰিয়তে শাৰীৰিক সক্ষমতা, মানসিক দৃঢ়তা, ঐক্য আৰু দলীয় মনোভাৱ বিকাশ কৰাৰ লক্ষ্যৰে ২৪ এপ্ৰিল, ২০২৬ তাৰিখৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আন্তঃমহাবিদ্যালয় ভলীবল, বাস্কেটবল আৰু বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হয়।
বিশ্ববিদ্যালয় পতাকা উত্তোলন তথা খেল উদ্বোধন কৰি পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই উৎসাহমূলক শুভেচ্ছা বাৰ্তা প্ৰদান কৰি উল্লেখ কৰে যে, "ক্ৰীড়া কেৱল প্ৰতিযোগিতাৰ মাজতে সীমাবদ্ধ নহয়, ই হৈছে জীৱনৰ এক গুৰুত্বপূর্ণ শিক্ষা। দলীয় খেলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে শৃংখলা, পাৰস্পৰিক সহযোগিতা আৰু নেতৃত্বৰ গুণ আহৰণ কৰে। এইধৰণৰ প্ৰতিযোগিতাই তেওঁলোকক শাৰীৰিকভাৱে সবল কৰাৰ লগতে মানসিকভাৱে অধিক দৃঢ় কৰি তোলে আৰু ভৱিষ্যতৰ বাবে সজাগ নাগৰিক হিচাপে গঢ়ি তোলাত সহায় কৰে। আশা কৰিছোঁ, উক্ত পদক্ষেপে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণ সাধন কৰিব।”
উল্লেখযোগ্য যে পুৰুষ আৰু মহিলাৰ দুটা শাখাত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাসমূহত অসমৰ বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক মহাবিদ্যালয়ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। স্পৰ্টছ বৰ্ডৰ পতাকা উত্তোলন কৰি ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ ৰঞ্জন কুমাৰ কাকতিয়ে প্ৰতিযোগিতা সম্পৰ্কে নিজৰ মত উল্লেখ কৰি কয় যে, “এইধৰণৰ আন্তঃমহাবিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সুস্থ প্ৰতিযোগিতামূলক মনোভাৱ গঢ়ি তোলাৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ মাজত পাৰস্পৰিক সম্পৰ্ক অধিক সুদৃঢ় কৰে। ইয়াৰ জৰিয়তে নতুন প্ৰতিভাই স্থান পোৱাৰ লগতে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ আগন্তুক দিনত দক্ষ খেলুৱৈ গঢ়ি তোলাতো সহায়ক হয়।”
স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি গুঞ্জন ডেকাই ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰা উক্ত উদ্বোধনী অনুষ্ঠানত অধ্যাপক, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া, বিশিষ্ট ব্যক্তিসকল আৰু শিক্ষাৰ্থী উপস্থিত থাকে।

No comments