Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘প্ৰত্নকথা’ শীৰ্ষক গ্ৰন্থ উন্মোচন

 

গুৱাহাটী, এপ্ৰিল ৬, ২০২৬ :গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগত সোমবাৰে লেখক বিকাশ শৰ্মাৰ দাপোণ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত ‘প্ৰত্নকথা’ শীৰ্ষক প্ৰবন্ধ সংকলনৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

ড° ধূৰ্জ্জটি শৰ্মাই সঞ্চালনা কৰা উক্ত অনুষ্ঠানত উন্মোচক হিচাপে অধ্যাপক অনুৰাধা শৰ্মা (বিভাগীয় প্ৰধান, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ), ড° নৱজিৎ দেউৰী (সঞ্চালক, প্ৰত্নতত্ত্ব সঞ্চালকালয়, অসম, আমবাৰী) আৰু অধ্যাপক দিলীপ বৰা (জ্যেষ্ঠ অধ্যাপক, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ) উপস্থিত থাকে। 

বিভাগীয় প্ৰধান অনুৰাধা শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰা উন্মোচনী অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰি ড° নৱজিৎ দেউৰীয়ে উল্লেখ কৰে যে, “অসমীয়া ভাষাত প্ৰত্নতত্ত্ব সম্পৰ্কীয় চিন্তা-চৰ্চা এতিয়াও যথেষ্ট সীমিত। তেনেক্ষেত্ৰত বিকাশ শৰ্মাৰ দৰে গৱেষক এজনে এই বিষয়ত গভীৰভাৱে মনোনিৱেশ কৰাটো নিশ্চিতভাৱে আনন্দৰ বতৰা আৰু ই ভবিষ্যতে অধিক গৱেষণামূলক আলোচনাৰ পথ মুকলি কৰিব। আশা কৰিছোঁ, পাঠক সমাজে উক্ত গ্ৰন্থখন আঁকোৱালি ল'ব।”

জ্যেষ্ঠ অধ্যাপক ড⁰ দিলীপ ভাৰতীয় জ্ঞান-পৰম্পৰাৰ প্ৰেক্ষাপটত কামৰূপ-অসমৰ ঐতিহাসিক আৰু সাংস্কৃতিক অৱদানক বুজাত এই  গ্ৰন্থখনে নতুন দিগন্ত উন্মোচন কৰিব বুলি আমি আশাবাদী। 

অনুষ্ঠানটিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ড⁰ চন্দন কুমাৰ শৰ্মা আৰু বিশিষ্ট ইতিহাসবিদ তথা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° গজেন্দ্ৰ অধিকাৰীদেৱেও গ্ৰন্থাকাৰৰ প্ৰতি উৎসাহজনক বক্তৃতা আগবঢ়ায়। 

অনুষ্ঠানটিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° দীপামণি হালৈ মহন্ত, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ ড° বি. বিজয়কুমাৰ, ড° খগেন শৰ্মা, ড° ভাস্কৰ ভূঞা, কটন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপক ড° প্ৰশান্ত চক্ৰৱৰ্তী সমন্বিতে অধ্যাপক-অধ্যাপিকা সকলৰ লগতে দুকুৰিৰো অধিক গৱেষক আৰু ছাত্ৰ- ছাত্ৰী উপস্থিত থাকে।।

No comments

Powered by Blogger.