শিক্ষাবিদ অধ্যাপক মহম্মদ তাহেৰৰ স্মৃতিসভা সম্পন্ন
গুৱাহাটী, এপ্ৰিল ২১, ২০২৬ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত মঙলবাৰে বিশিষ্ট শিক্ষাবিদ অধ্যাপক মহম্মদ তাহেৰদেৱৰ ৯৫ তম জন্ম বাৰ্ষিকী উপলক্ষে এক গাম্ভীৰ্যপূৰ্ণ স্মৃতিসভা আয়োজন কৰা হয়। এই উপলক্ষে আয়োজন কৰা দশম স্মাৰক বক্তৃতাই অনুষ্ঠানটোক এক বিশেষ মৰ্যাদা প্ৰদান কৰে।
অনুষ্ঠানটো উদ্বোধন কৰি সন্মানীয় উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱে শ্ৰদ্ধাৰ তাহেৰদেৱৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰি উল্লেখ কৰে যে, "অধ্যাপক মহম্মদ তাহেৰদেৱ কেৱল এজন শিক্ষাবিদ নহয়, তেওঁ অসমৰ বৌদ্ধিক সমাজৰ এক উজ্জ্বল পথপ্ৰদৰ্শক আছিল। তেখেতৰ গৱেষণা, চিন্তাধাৰা আৰু শিক্ষাৰ ক্ষেত্ৰত অৱদান নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণা হিচাপে ৰ’ব। এইধৰণৰ স্মাৰক বক্তৃতাই তেখেতৰ আদৰ্শ আৰু দৃষ্টিভংগীক আগুৱাই নিয়াত শক্তিশালী মাধ্যম হিচাপে কাম কৰে।”
উক্ত বিশেষ অনুষ্ঠানত নৰ্থ-ইষ্টাৰ্ন হিল ইউনিভাৰ্চিটি, শ্বিলঙৰ ভূগোল বিভাগৰ প্ৰাক্তন অধ্যাপক আৰু বিভাগীয় প্ৰধান ড° দেৱেন্দ্ৰ কুমাৰ নায়কে 'Whose City is it anyway? Reclaiming the Right to Indian City' শীৰ্ষক স্মাৰক বক্তৃতা প্ৰদান কৰে। তেখেতে নিজৰ গভীৰ আৰু চিন্তাশীল আলোচনাত আধুনিক নগৰীয় জীৱন, নাগৰিক অধিকাৰ আৰু সমাজৰ ভূমিকা সম্পৰ্কে এক দৃষ্টিভংগী আগবঢ়ায়। সমগ্ৰ অনুষ্ঠানটোত অধ্যাপক তাহেৰদেৱৰ শৈক্ষিক অৱদান, তেওঁৰ চিন্তাধাৰা আৰু সমাজৰ প্ৰতি থকা দায়িত্ববোধৰ স্মৃতি সজীৱ কৰি তোলা হয়।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক আৰু বিভাগীয় প্ৰধান ড° গোবিন্দ প্ৰসাদ শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত থকা উক্ত অনুষ্ঠানটোত ভূগোল বিভাগৰ প্ৰাক্তন অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতী সমন্বিতে বিশিষ্ট অতিথি আৰু অধ্যাপকবৃন্দ উপস্থিত থাকে।

No comments