দিনজোৰা কাৰ্যসূচীৰে বৃহত্তৰ আদিংগিৰি ৰঙালী বিহু সন্মিলনী উদযাপন
গুৱাহাটীঃ ১৮ এপ্ৰিলঃ মহানগৰীৰ মালিগাঁও আদিংগিৰি যুৱ কৃষ্টি সংঘৰ উদ্যোগত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় বৃহত্তৰ আদিংগিৰি ৰঙালী বিহু সন্মিলনী। এই উপলক্ষে ৰাতিপুৱা ১০.৩০ বজাত বিহুৰ পতাকা উত্তোলন কৰে বিহু সন্মিলনীৰ সভাপতি তথা বিশিষ্ট ৰাজহুৱা কৰ্মী গৌতম দাসে। পতাকা উত্তোলন কৰি দিয়া ভাষনত তেওঁ কয় যে, আমাৰ জাতীয় সংস্কৃতিক সকলোৱে মাৰবান্ধি আগুৱাই লৈ যাব পৰাকৈ সংকল্প লোৱাৰ বাবে বিহুটোৱে একমাত্ৰ সময় ৷
একমাত্ৰ বিহুৱে আছে য’ত আমি সকলোৱে একলগ হৈ হেঁপাহ পলুৱাই উৎসৱৰ আনন্দ উপভোগ কৰিব পাৰোঁ। সেয়ে বিহুতো হ’ল একতাৰ বান্ধোন। ই জাতি-ধৰ্মৰ বাধা অতিক্ৰম কৰি সকলো শ্ৰেণীৰ লোকক একত্ৰিত কৰি একেলগে থকাৰ অভিজ্ঞতা দিয়ে। বিভিন্ন মতানৈক্যৰ মাজতো আমাক বিভাজিত কৰাতকৈ একত্ৰিত কৰাত বিহুৱে অৰিহণা জোগায় ৷ বৰ অসমৰ ভেটি গঢ়ি তোলাৰ ক্ষেত্ৰত বিহুৱে বিভিন্ন জাতি-জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধি ৰাখি এক উমৈহতীয়া সাংস্কৃতিক পৰিচয় প্ৰদান কৰা বুলিও তেওঁ উল্লেখ কৰে। পতাকা উত্তোলনস্থলীত বিশেষ অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ,অসম ক্ষেত্ৰৰ সহ সেৱা প্ৰমূখ সুৰেন্দ্ৰ তালখেৰকৰে আদিংগিৰিক বৰঅসমৰ চানেকি আৰু একতাৰ অন্যতম মিলনভূমি বুলি উল্লেখ কৰে। ৰঙালী বিহু সন্মিলনীৰ পতাকা উত্তোলনৰ পিছতে দিনজোৰা কাৰ্যসূচী অনুসৰি অনুষ্ঠিত হয় বৃক্ষৰোপণ, খেলধেমালি, চিত্ৰাংকন, দলীয় নৃত্য, বঁটা বিতৰণী আৰু কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান।
ইয়াৰ পিছতে বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকা, জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা আৰু ড° সীমা ৰেখা কাশ্যপে।
সাংস্কৃতিক সন্ধিয়াৰ প্ৰাকমুহূৰ্তত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ভাৰতীয় ৰাজহ সেৱা (IRS)ৰ জ্যেষ্ঠ বিষয়া, বিশিষ্ট লেখক, চলচ্চিত্ৰ প্ৰযোজক পদ্মপাণি বৰাক সন্মিলনীৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কৃষক মৰ্চাৰ অন্যতম নেতা ৰঞ্জিত ভট্তাচাৰ্যক “কৃষক বন্ধু” বঁটা প্ৰদান কৰা হয়।
সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকৰণী সদস্য উল্লাশ কুলকাৰ্নী, কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্ননীল পাল (আইএছ), শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ দাস (এচিএছ), এনএফ ৰেল’ৱেৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া নবীন সিং, ডাঃ ৰক্তিম তামুলীকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তিৰ সম্বৰণা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে ৰঙালী বিহু সন্মিলনীৰ মুখ্য তত্ত্বাৱধায়ক পৰেশ চন্দ্ৰ ডেকা আৰু প্ৰিয়ংকা তামুলীকয়ে আঁত ধৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণজিৎ হালৈ, নৱকল্লোল বৰঠাকুৰ,ৰূপা কাশ্যপকে ধৰি বহুকেইগৰাকী ন-পুৰণি শিল্পীয়ে অনষ্ঠান পৰিৱেশন কৰি সাংস্কৃতিক অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।



No comments