Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ধুমুহাত ভাগিল বিদ্যুৎ পৰিবাহী তাৰসহ খুটা ; আন্ধাৰৰ সৈতে সহাবস্থান কৰিছে ৰাণীৰ এক বিস্তীৰ্ণ অঞ্চলৰ ৰাইজে


 
গুৱাহাটী, ২০ মার্চ : যোৱা ১৬ মাৰ্চৰ  নিশা অহা এজাক  ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছিল গুৱাহাটী মহানগৰীৰ দাঁতি কাষৰীয়া ৰাণীৰ এক বৃহৎ অঞ্চল । ধুমুহাজাকে ৰাণীৰ মেঘালয় সীমান্তবৰ্তী পুৰাণ শুকুৰবৰীয়া, বেলগুৰি, নালাপাৰা, চেঁচা,  টাংগনপাৰা, ঠেঙ্গাপাৰা , চল্লি, জয়পুৰ, গাৰোপাৰা আদিৰ উপৰিও দাঁতি কাষৰীয়া বেৰিগাঁও, বালাপুৰ, লোহাৰঘাট, কুলশী, বৰদুৱাৰ বাগান আদি গাঁৱৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰ উৰুৱাই লৈ গৈছিল । ধুমুহা  বতাহে গছ-গছনি ভাঙি পেলোৱাৰ  লগতে ঠাইবিশেষে  বিদ্যুৎ পৰিবাহী খুটা আৰু তাৰ সমুহ চিঙি পেলোৱাত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰে । আনহাতে  ৰাণীৰ জৰাশাল সংৰক্ষিত বনাঞ্চলতো ধুমুহাত বহু গছ-গছনি ভাগি পৰে ।

 নালাপাৰা খণ্ড বন কার্যালয় চৌহদত এডাল প্রকাণ্ড চেগুন গছ বাগৰি পৰাত কার্যালয়ত থকা বনকৰ্মীসকলৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও বনকৰ্মীসকলে ব্যৱহাৰ কৰা একমাত্ৰ চৰকাৰী মাৰুতি বাহনখন ক্ষতিগ্রস্ত হয় । তেনেদৰে ১৭ মাৰ্চৰ পৰা শক্তি বিভাগৰ অধীনৰ এ পি ডি চি এলৰ কৰ্মীয়ে যুদ্ধকালীন তৎপৰতাৰে ভাগি যোৱা খুটা আৰু তাৰসমুহ মেৰামতি কাৰ্য আৰম্ভ কৰি দুদিনৰ ভিতৰত প্ৰায় ৭৫  শতাংশ অঞ্চলত মেৰামতি কাৰ্য সম্পন্ন কৰি বিদ্যুৎ সংযোগ স্থাপন কৰে।

 কিন্তু এই পৰ্যন্ত টাংগনপাৰা , গাৰোপাৰাৰ লগতে  জয়পুৰৰ এক বৃহৎ অংশত বিদ্যুৎ সংযোগ স্থাপন কৰিব পৰা হোৱা নাই। ফলত বিগত পাঁচদিন ধৰি এক বিস্তীৰ্ণ অঞ্চলৰ ৰাইজে আন্ধাৰৰ সৈতে সহাবস্থান কৰিবলগীয়া হৈছে। যাৰ বাবে ভুক্তভোগী ৰাইজে শক্তি বিভাগক যুদ্ধকালীন তৎপৰতাৰে বিদ্যুৎ সংযোগ স্থাপন কৰিবলৈ দাবী জনাইছে। কিয়নো অঞ্চলটো হৈছে বনৰীয়া হাতীৰ মুক্ত বিচৰণথলী আৰু আন্ধাৰৰ সুযোগ লৈ হাতীৰ আক্ৰমণৰ আশঙ্কাত ভুগিছে অঞ্চলটোৰ ৰাইজ।।

No comments

Powered by Blogger.