পাণ্ডু লুইতপৰীয়া বিহু সন্মিলনীৰ ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি ; কাৰ্যালয় মুকলি
গুৱাহাটী, ৭ মাৰ্চ : গুৱাহাটীৰ জালুকবাৰী থানা এলেকাৰ পাণ্ডু লুইতপৰীয়া বিহু সন্মিলনীয়ে অহা ১৪ আৰু ১৫ এপ্ৰিলত দুদিনীয়াকৈ আগন্তুক ৫৬ সংখ্যক ৰঙালী বিহু উদযাপন কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। ইয়াৰ অংশ হিচাপে অলপতে পাণ্ডু ৰিভাৰচাইড স্পৰ্টিং ক্লাৱ প্ৰাংগণত বিহু সন্মিলনীৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে সন্মিলনীৰ সভাপতি দ্বিজেন লহকৰে । সভাত ৩ নম্বৰ ৱাৰ্ডৰ পাৰিষদ কল্লোল চক্ৰৱৰ্তীৰ উপৰিও মুকুট দাস, গোপীনাথ দাস, বিকাশ দাস, ডেনিচ তালুকদাৰ , সঞ্জীৱ দাস, জ্যোতিষ দাস, জিতেন কলিতাকে ধৰি বিহুৰ আনহাতে বিহু সন্মিলনীৰ লগত জড়িত বহু লোক উপস্থিত আছিল ।
আনহাতে সভাত আগন্তুক দুদিনীয়া বিহুৰ কাৰ্যসূচী সুচাৰুৰূপে উদযাপন কৰাৰ বাবে সৰ্বসন্মতিক্ৰমে - স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মুখ্য পৃষ্ঠপোষক, দ্বিজেন লহকৰক সভাপতি , চিত্তৰঞ্জন দাসক কাৰ্যকৰী সভাপতি, হেমন্ত দাস আৰু পবিত্ৰ দাসক যুটীয়া সম্পাদক, মনোজ দাসক সাংস্কৃতিক সম্পাদক , হেমন্ত দাস ( ডাঙৰ) কোষাধক্ষ্য , চন্দন মৰল আৰু নাৰায়ণ শীল খেল সম্পাদক হিচাপে লৈ পাণ্ডু লুইতপৰীয়া ৰঙালী বিহু সন্মিলনীৰ ৫৬ সংখ্যক বৰ্ষৰ কাৰ্যকৰী সমিতিখন গঠন কৰা হৈছে। ইফালে ৬ মাৰ্চৰ দিনা সন্ধিয়া পাণ্ডু ৰেলৱে বজাৰত বিহু সন্মিলনীৰ কাৰ্যালয়টো মুকলি কৰা হয়। সন্মিলনীৰ সকলো কৰ্মকৰ্তা, সদস্য আৰু অঞ্চলটোৰ বহুসংখ্যক ৰাইজৰ উপস্থিতিত কাৰ্যালয়টো মুকলি কৰে সন্মিলনীৰ সভাপতি দ্বিজেন লহকৰে। তেনেদৰে দুদিনীয়া বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী, কমলিকা কাশ্যপকে ধৰি কেবাজনো প্ৰবীণ - নবীন আমন্ত্ৰিত শিল্পীয়ে সংগীত আৰু বিহু হুঁচৰিকে ধৰি জনগোষ্ঠীয় শিল্পীৰ দলে অনুষ্ঠান পৰিবেশন কৰিব।

No comments