Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

অসমৰ বয়ন শিল্পক অনন্য মাত্ৰা প্ৰদান কেইৰ্ণৰ

 

গুৱাহাটী, ৭ মাৰ্চ, ২০২৬:  Give to Gain শীৰ্ষক মূল বিষয়বস্তুৰে এই বৰ্ষত আয়োজিত আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত বেদান্ত গ্ৰুপৰ অংশ কেইৰ্ণ অইল এণ্ড গেছে অসমৰ মহিলা তাঁত শিল্পীসকলৰ অনুপ্ৰেৰণাদায়ক যাত্ৰাক পুনৰবাৰ উদযাপন কৰি ইয়াক এক অন্য মাত্ৰা প্ৰদান কৰিছে। কেইৰ্ণৰ সহায়ত বহুদিনৰ পৰম্পৰাগত তাঁতশিল্পক আধাৰ কৰি বহু মহিলাই কেৱল নিজৰ জীৱিকাৰ পথেই মুকলি কৰা নাই, বৰঞ্চ আৰ্থিক স্বাৱলম্বিতা লাভ কৰাৰ লগতে সমাজতো ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। তেওঁলোকৰ এই যাত্ৰা বহুতৰে বাবে এক অনুপ্ৰেৰণাস্বৰূপ হৈ পৰিছে। 

সমগ্ৰ ভাৰতজুৰি কেইৰ্ণে ৰূপায়ণ কৰা বিভিন্ন সমাজ উন্নয়নমূলক পদক্ষেপৰ মূল লক্ষ্য হৈছে মহিলাসকলক অধিক শক্তিশালী কৰি তোলা আৰু পৰিয়ালসমূহক স্বাৱলম্বিতাৰ দিশে আগবঢ়োৱা। শিক্ষা, পুষ্টি, স্বাস্থ্যসেৱা আৰু কল্যাণমূলক বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে কোম্পানীটোৱে বৰ্তমান ২০ মিলিয়নৰো অধিক মহিলা আৰু শিশুৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। বিশেষকৈ পুষ্টি, স্বাস্থ্যসেৱা আৰু শিশুৰ প্ৰাৰম্ভিক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দি কোম্পানীটোৱে সমাজৰ সামগ্ৰিক উন্নয়নৰ দিশত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। 

এই উন্নয়নৰ দৃষ্টিভংগীক আগত ৰাখি অসমতো কেইৰ্ণে কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্যোগসমূহৰ জৰিয়তে মহিলাসকলৰ দক্ষতা আৰু সামৰ্থ্যক নতুন দিশ দিয়াৰ লগতে তেওঁলোকক আগুৱাই নিয়াৰ চেষ্টা কৰা হৈছে। ইয়াৰ ফলত বহু মহিলাই নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰাৰ লগতে সমাজত ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনাও অধিক স্পষ্ট হৈ উঠিছে। গোলাঘাট জিলাৰ বৰচাপৰি আৰু যোৰহাট জিলাৰ আগচামুৱা গাঁৱত বহুদিনৰ পৰম্পৰাৰূপে মহিলাসকল তাঁতশিল্পৰ সৈতে ওত:প্ৰোতভাৱে জড়িত হৈ আহিছে। এই ঐতিহ্যবাহী দক্ষতাক নতুন দিশ দিবলৈ Assam State Rural Livelihoods Mission (ASRLM)-ৰ সৈতে কেইৰ্ণে সহযোগিতাৰে আগবাঢ়িছে। এই উদ্যোগৰ জৰিয়তে বহু মহিলাই নিজৰ পৰম্পৰাগত দক্ষতাক আয়ৰ উৎসত পৰিণত কৰাৰ লগতে স্ব নিৰ্ভৰশীলতাৰ দিশে দৃঢ় পদক্ষেপ আগবঢ়াবলৈ সক্ষম হৈছে।

গোলাঘাটত কেইৰ্ণ আৰু ASRLM-ৰ সহযোগিতাৰে স্থাপন কৰা Jacquard Handloom Centre টো আজি গ্ৰাম্য মহিলাসকলৰ বাবে এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰা কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে। আৰম্ভণিতে কিছু সংখ্যক তাঁতশিল্পীক লৈ আৰম্ভ হোৱা এই উদ্যোগে এতিয়া ধীৰে ধীৰে বিকাশ লাভ কৰি ৩,০০০ৰো অধিক মহিলাক সামৰি লোৱা স্ব-সহায়ক গোটৰ এক শক্তিশালী ব্যৱস্থাত পৰিণত হৈছে। এই মহিলাসকলে পৰম্পৰাগত গামোচাৰ লগতে বিভিন্ন হস্ততাঁতজাত সামগ্ৰী প্ৰস্তুত কৰি অসম চৰকাৰৰ 'স্বনিৰ্ভৰ নাৰী আঁচনি'ৰ অধীনত সামগ্ৰী  যোগান ধৰি নিজৰ দক্ষতা আৰু পৰিশ্ৰমৰ জৰিয়তে নতুন স্বপ্নক আঁকোৱালি লৈছে।

এই সফলতাৰ ধাৰাবাহিকতাৰ ফলস্বৰূপে কেইৰ্ণৰ উদ্যোগত যোৰহাট জিলাৰ আগচামুৱা গাঁৱত থকা Sampriti Maku Handloom Centre তো এই উদ্যোগে বিস্তাৰ লাভ কৰিছে। ইয়াত প্ৰয়োজনীয় পৰিকাঠামো গঢ়ি তোলাৰ লগতে মহিলাসকলৰ দক্ষতা উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যাৰ ফলত আশে পাশে থক অঞ্চলৰ বহু মহিলাই জীৱিকাৰ নতুন সুযোগ লাভ কৰিছে। এই কেন্দ্ৰসমূহে কেৱল তাঁতশাল প্ৰদান কৰাতেই সীমাবদ্ধ নহয়, নিয়মিত প্ৰশিক্ষণ আৰু দিশ-নির্দেশনাৰ জৰিয়তে মহিলাসকলক তেওঁলোকৰ দক্ষতা অধিক উন্নত কৰাৰ লগতে উৎপাদনশীলতা বৃদ্ধি কৰাতো সহায় কৰি আহিছে।

পৰম্পৰাগত বস্ত্ৰশিল্প খণ্ডত দক্ষতা উন্নয়নক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ Scheme for Capacity Building in Textile Sector (SMARTH)-ৰ অধীনত বৰচাপৰি ধনশিৰি হস্ততাঁত কেন্দ্ৰত এক বিশেষ দক্ষতা উন্নয়ন প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়। এই প্ৰশিক্ষণত চাহিদাভিত্তিক আৰু নিয়োগমুখী দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে পৰম্পৰাগত হস্ততাঁত শিল্পত দক্ষতাৰ উন্নয়ন আৰু আধুনিকীকৰণৰ দিশতো বিশেষ গুৰুত্ব দিয়া হয়।

উল্লেখযোগ্যভাৱে মহিলাসকলৰ এই যাত্ৰাক চলিত বছৰৰ আৰম্ভণিতে সফলতাৰ স্বীকৃতিস্বৰূপে গোৱাত অনুষ্ঠিত India Energy Week 2026-ত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়। বিশ্বৰ অন্যতম বৃহৎ শক্তি খণ্ডৰ এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত তেওঁলোকে নিজৰ হস্ততাঁত শিল্পক বিশ্বমঞ্চত উপস্থাপন কৰাৰ এক বিশেষ সুযোগ লাভ কৰে। এই মঞ্চত মহিলাসকলে অসমৰ সমৃদ্ধ পৰম্পৰাগত হস্ততাঁত শিল্পৰ বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰে। ইয়াৰ ভিতৰত মেখেলা-চাদৰ, স্কাৰ্ফ, শাৰী, জেকেট, হস্তনির্মিত বেগ, কুশন কাভাৰ আৰু গামোচা আদি অন্তৰ্ভুক্ত আছিল, যিবোৰ মুগা আৰু এৰি ৰেচমৰ দৰে থলুৱা ৰেচমেৰে সুন্দৰকৈ প্ৰস্তুত কৰা হৈছিল। তেওঁলোকৰ এই সৃষ্টিসমূহে আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি, উদ্যোগ জগতৰ নেতৃত্ববৰ্গ আৰু নীতি নিৰ্ধাৰকসকলৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ব্যাপক প্ৰশংসাও লাভ কৰে।

মহিলাসকলৰ বাবে এইটো আছিল এক বিশেষ আৰু স্মৰণীয় মুহূৰ্ত য'ত প্ৰথমবাৰৰ বাবে তেওঁলোকে নিজৰ হাতে বোৱা সামগ্ৰী এক আন্তঃৰাষ্ট্ৰীয় মঞ্চত উপস্থাপন কৰাৰ সুযোগ লাভ কৰে। গাঁৱৰ সাধাৰণ তাঁতৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই এতিয়া বিশ্বমুখী স্বীকৃতিৰ দিশে আগবাঢ়ি এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। কেইৰ্ণৰ পেভিলিয়ন পৰিদৰ্শন কৰা বিশিষ্ট অতিথিসকলকো অসমৰ সমৃদ্ধ বস্ত্ৰ ঐতিহ্যৰ প্ৰতীক হিচাপে মহিলাসকলে নিজ হাতে বোৱা পৰম্পৰাগত গামোচাৰে আন্তৰিকভাৱে সম্বৰ্ধনা জনায়।

কেইৰ্ণৰ এই পদক্ষেপে এটা স্পষ্ট বাৰ্তা দিয়ে যে মহিলাসকলক উন্নয়নৰ কেন্দ্ৰত স্থান দিলে সমাজো অধিক শক্তিশালী হয়। 'Give to Gain' বিষয়বস্তুৰ সৈতে সংগতি ৰাখি অসমৰ এই মহিলাৰ তাঁতশিল্পীসকলৰ যাত্ৰাই দেখুৱাইছে যে মহিলাৰ ক্ষমতায়নত কৰা বিনিয়োগে কেৱল জীৱিকাই নহয়, পৰিয়াল আৰু সমাজকো অধিক দৃঢ় কৰি তোলে।

No comments

Powered by Blogger.