Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

অধ‍্যাপক হেৰম্বকান্ত বৰপূজাৰী স্মাৰক বক্তৃতা ২০২৬



গুৱাহাটী, ২৩ মাৰ্চ: গুৱাহাটী বিশ্ববিদ‍্যালয় উত্তৰ পূৱ অধ‍্যয়ন প্ৰতিষ্ঠানৰ উদ্যোগত ২০২৬ বৰ্ষৰ অধ্যাপক হেৰম্বকান্ত বৰপূজাৰী স্মাৰক বক্তৃতাটি অহা ২৪ মাৰ্চ তাৰিখে দিনৰ ২ বজাৰ পৰা গুৱাহাটী বিশ্ববিদ‍্যালয়ৰ GUIST ৰ আলোচনা কক্ষত অনুষ্ঠিত হ’ব। কলিকতা বিশ্ববিদ‍্যালয়ৰ প্ৰত্নতত্ব বিভাগৰ অধ‍্যাপক বিষ্ণুপ্ৰিয়া বাচাকে “Relocating Archeology: Connecting the Past(s) to the Present and the Politics of Identity Formation” বিষয়ত এই বৰ্ষৰ বক্তৃতাটি প্ৰদান কৰিব। দিনৰ দুই বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া বক্তৃতা অনুষ্ঠানটিত বিশ্ববিদ‍্যালয়ৰ উপাচাৰ্য অধ‍্যাপক ননীগোপাল মহন্তই মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তৃতানুষ্ঠানটি উদ্বোধন কৰিব । বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈ সন্মানীয় অতিথি হিচাপে এই অনুষ্ঠানত উপস্থিত থাকিব ।

এই প্ৰাসংগিক বিষয়ৰ বক্তৃতাটিত উত্তৰ পূৱ অধ‍্যয়ন প্ৰতিষ্ঠানৰ সঞ্চালক অধ‍্যাপক অখিল ৰঞ্জন দত্তই ইচ্ছুক আটাইৰে উপস্থিতি কামনা কৰিছে।

No comments

Powered by Blogger.