অক্ষমতা’ বিষয়ক দেশৰ প্ৰথম হেণ্ডবুক মুকলি
অসমৰ আৰমান আলীৰ নেতৃত্বত উদ্যোগ
গুৱাহাটী, মাৰ্চ ১৯, ২০২৬ : সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় প্ৰতিমন্ত্ৰী ৰামদাস আঠৱালে দেৱে মঙলবাৰে উল্লেখ কৰে যে ২০১৬ চনৰ RPwD আইন কাৰ্যকৰী হোৱাৰ পিছত অনুষ্ঠিত হ’বলগীয়া ২০২৭ চনৰ লোকপিয়ল দেশৰ বাবে এক ঐতিহাসিক সুযোগ। তেওঁ উল্লেখ কৰে যে প্ৰশিক্ষিত গণনাকাৰীৰ জৰিয়তে উন্নত তথ্য সংগ্ৰহৰ মাধ্যমে ২১টা সকলো ধৰণৰ অক্ষমতাক সঠিকভাৱে চিনাক্ত আৰু স্বীকৃতি দিয়া সম্ভৱ হ’ব।
তেওঁ ভাৰতৰ প্ৰথমবাৰৰ বাবে সংসদীয় সদস্যসকলৰ বাবে প্ৰস্তুত কৰা 'Beyond the Visible: A Handbook on Disability Inclusion for Parliamentarians' শীৰ্ষক হেণ্ডবুকখন মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয় যে সঠিক আৰু খণ্ডিত তথ্যই দেশজুৰি অক্ষম লোকসকলৰ বাবে অধিক লক্ষ্যভিত্তিক আৰু ফলপ্ৰসূ নীতি আৰু ব্যৱস্থা গ্ৰহণত চৰকাৰক সহায় কৰিব। উক্ত গ্ৰন্থখন National Centre for Promotion of Employment for Disabled People (NCPEDP) ৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে।
উক্ত অনুষ্ঠানত অন্তৰ্ভুক্ত স্বাস্থ্য সেৱা আৰু ৰাজনৈতিক অংশগ্ৰহণ বিষয়ত এক উচ্চ পৰ্যায়ৰ আলোচনা সভাও অনুষ্ঠিত হয়, য’ত মুখ্য অতিথি হিচাপে ৰামদাস আঠৱাল আৰু কেইবাজনো বিশিষ্ট অতিথিকে ধৰি অক্ষমতা সম্পৰ্কীয় কেন্দ্ৰীয় পৰামৰ্শদাতা ব’ৰ্ডৰ সাংসদ তথা সংসদীয় সদস্য ইটি মহম্মদ বছিৰ; ইটালা ৰাজেন্দৰ, লোকসভাৰ সাংসদ; ৰাজ্যসভাৰ সাংসদ ড০ ফৌজিয়া খান; বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ড০ গুৰু প্ৰকাশ পাছৱান; নেহা যোশী, বিজেৱাইএমৰ উপ-সভাপতি তথা এন চি পি (এছ পি)ৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ অনিশ গাৱণ্ডে উপস্থিত থাকে।
NCPEDPৰ কাৰ্যবাহী পৰিচালক আৰমান আলীয়ে উক্ত পদক্ষেপ সন্দৰ্ভত উল্লেখ কৰে যে,“এই হেণ্ডবুকখন সংসদীয় সদস্যসকলক অক্ষম লোকসকলৰ সন্মুখীন হোৱা সকলো বাধা দূৰ কৰাৰ ক্ষেত্ৰত এক সক্ৰিয় অংশীদাৰ হিচাপে গঢ়ি তুলাৰ এক দৃঢ় প্ৰতিশ্ৰুতি। এই গ্ৰন্থখনে RPwD আইনক বাস্তৱ আইন প্ৰণয়নত ৰূপান্তৰিত কৰাত সহায় কৰিব আৰু ভাৰতীয় গণতন্ত্ৰত অন্তৰ্ভুক্তিক এক জীৱন্ত বাস্তৱত ৰূপ দিব।"
ৰামদাস আঠৱালদেৱে আৰমান আলী, NCPEDP দল, National Disability Network আৰু Bajaj Finserv CSRক এই সময়োপযোগী আৰু ব্যৱহাৰিক অৱদানৰ বাবে অভিনন্দন জনায়। তেওঁ কয় যে এই হেণ্ডবুকখন সংসদীয় সদস্যসকলৰ বাবে এক মূল্যৱান দিশদৰ্শক হিচাপে পৰিগণিত হ’ব আৰু দেশত অন্তৰ্ভুক্তিমূলক নীতি-প্ৰণয়ন অধিক শক্তিশালী কৰিব। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে গ্ৰহণ কৰা ২০১৬ চনৰ RPwD আইন এক ঐতিহাসিক সংস্কাৰ। এই আইনখনে ২১টা অক্ষমতাক স্বীকৃতি প্ৰদান কৰাৰ লগতে কল্যাণভিত্তিক ধাৰণাৰ পৰা অধিকাৰভিত্তিক দৃষ্টিভংগীলৈ পৰিবর্তন আনে আৰু ভাৰতক UNCRPDৰ সৈতে সামঞ্জস্য কৰে। তেওঁ লগতে উল্লেখ কৰে যে এই আইনত প্ৰথমবাৰৰ বাবে ৰাজনৈতিক বাধাসমূহক অক্ষম লোকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ অন্তৰায় হিচাপে স্বীকৃতি দিয়া হৈছে। লগতে মন্ত্ৰীজনে কয় যে চৰকাৰৰ কেইবাটাও উদ্যোগ - যেনে Accessible India Campaign, UDID Portal, PM-DAKSH আৰু Ayushman Bharat - অক্ষম লোকসকলক ৰাষ্ট্ৰীয় উন্নয়নৰ মূল সোঁতত অন্তৰ্ভুক্ত কৰাত সহায় কৰি আহিছে।
আৰমান আলীয়ে কয় যে NCPEDPৰ এক সমীক্ষা অনুসাৰে ৮০ শতাংশতকৈ অধিক অক্ষম লোকৰ কোনো স্বাস্থ্য বীমা নাই। তেওঁ এই ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰি উল্লেখ কৰে যে উচ্চ প্ৰিমিয়াম আৰু প্ৰয়োজনীয় চিকিৎসা সেৱা বাদ পৰাৰ বাবে বহুতে বীমাৰ সুবিধা লাভ নকৰে। তেওঁ লগতে কয় যে Ayushman Bharat আঁচনিয়ে অক্ষম লোকসকলক স্পষ্টভাৱে অন্তৰ্ভুক্ত কৰি সহায়ক সামগ্ৰী, পুনৰ্বাসন আৰু বিশেষ চিকিৎসা সেৱা প্ৰদান কৰা উচিত, যাতে কোনো ব্যক্তিয়ে অধিক ব্যক্তিগত ব্যয় বহন কৰিব নালাগে।
ৰাজ্যসভাৰ সাংসদ জেবি মাথাৰে উল্লেখ কৰে যে, "উক্ত হেণ্ডবুকখনে অক্ষম লোকসকলৰ প্ৰতি ব্যৱহাৰ কৰা ভাষা আৰু সংসদৰ ‘Zero Hour’ত বিষয় উত্থাপন কৰাৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধি কৰিব।"
শেষত ৰামদাস আঠৱালে দেৱে কয় যে এই হেণ্ডবুক মুকলি আৰু আলোচনা সভাই সংসদ আৰু জনজীৱনত অক্ষমতাৰ অধিকাৰ আৰু অন্তৰ্ভুক্তিমূলক নীতিৰ আলোচনাক অধিক বিস্তৃত কৰি তুলিব। তেওঁ এই উদ্যোগক 'অন্তৰ্ভুক্তিমূলক আৰু বিকশিত ভাৰত' গঢ়াৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। লগতে 'Sabka Saath, Sabka Vikas, Sabka Vishwas'ৰ আদৰ্শ পুনৰ দোহাৰি তেওঁ নিশ্চিত কৰে যে কোনো নাগৰিক যাতে পিছত নাথাকে, তাৰ বাবে চৰকাৰ সদায় দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ।


No comments