Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ৰাধাগোৱিন্দ বৰুৱা নাট্য সমাৰোহত উজ্জ্বলা বৰ্মনৰ নাট "মোৰ বুকুৰ সৰু চৰাই" মঞ্চস্থ


 

গুৱাহাটী ,১ মাৰ্চ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী অঙ্গনা নাট্য গোষ্ঠীয়ে যোৱা ২৬ ফেব্ৰুৱাৰীত  গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ চৌহদৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত  ৰাধাগোৱিন্দ বৰুৱা নাট্য সমাৰোহত "মোৰ বুকুৰ সৰু চৰাই" নাটখন  মঞ্চস্থ কৰে।  মোৰ বুকুৰ সৰু চৰাই মুলতঃ এখন সামাজিক নাট। এজন নাটক বলীয়া মানুহৰ কাহিনী। মুখ্য চৰিত্ৰ মাধৱ শইকীয়াই নাটকৰ মাজেৰে সমাজত প্ৰচলিত দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰোধীতা কৰিব বিচাৰে, প্ৰতিজন মানুহৰ সমাজৰ প্ৰতি থকা দায়িত্ববোধবোৰ তেওঁ সোঁৱৰাই দিব বিচাৰে । নাটক তেওঁৰ বাবে কেৱল মনোৰঞ্জনৰ মাধ্যম নহয় ।  


 

অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ এপাট চোকা অস্ত্ৰ। কিন্ত জীৱন চকৰীৰ নিষ্পেষনত সময়ে সময়ে ধুসৰিত হৱ খোজা তেওঁৰ চিন্তাধাৰাক পুনৰ উজ্জীৱিত কৰে তেওঁৰ অকালতে হেৰোৱা একমাত্ৰ বুকুৰ সৰু চৰাইজনী ।  তেওঁৰ কণ্যাই। যাৰ ফলত ইচ্ছাকৃত ভাৱে তেওঁ নাটকৰ মাজত বিচাৰি ফুৰে, তেওঁৰ বুকুৰ সৰু চৰাইজনী, তেওঁৰ কণ্যাক, তেওঁ নিজৰ সত্তাক তেওঁৰ নিজৰ অস্তিত্বক। অৱশেষত চুড়ান্ত অৰ্থ্নৈতিক সমস্যাই তেওঁৰ জীৱন ধূসৰিত কৰি পেলায়, যাৰ ফলত তেওঁ পথভ্ৰষ্ট হৈ সকলো আদৰ্শক জলাঞ্জলি দি এদিন নিশা ঘৰ এৰি পলায় যায়। নাটখনে ৰাইজৰ বিপুল সহাৰি বুটলিবলৈ সক্ষম হৈছে। আনহাতে  নাটখনৰ কাহিনী পৰিচালনা উজ্জ্বলা বৰ্মনৰ, নাট্যৰূপ অম্লান শইকীয়াৰ , মঞ্চসজ্জা নুৰুদ্দিন আহমেদৰ , পোহৰ হেমন্ত ৰাজকোঁৱৰৰ , সংগীত ৰক্তোৎপল ভৰদ্বাজৰ। নাটখনত অভিনয় কৰিছিল  ক্ৰমে--  স্বপন , আকাংক্ষিতা, অনন্যা, কল্পনা, উৎপল, চন্দন, ধ্ৰুৱ, সুমিত, অসীম আৰু কংকনে ।


 

No comments

Powered by Blogger.