Monday, February 2, 2026
থলুৱা উদ্যোগক বিশ্বমুখী কৰাৰ লক্ষ্যৰে GUenARK 2026 শীৰ্ষক অনুষ্ঠান আৰম্ভ: উদ্ভাৱন আৰু উদ্যোগৰ মিলন
গুৱাহাটী, ফেব্ৰুৱাৰী ২, ২০২৬: থলুৱা উদ্যোগ খণ্ডক শক্তিশালী আৰু সুসংগঠিত ৰূপত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে উদীয়মান উদ্যোগপতি, ষ্টাৰ্টআপ আৰু নতুন চিন্তাধাৰাক সুযোগ প্ৰদান কৰা লগতে সঠিক দিশ নিৰ্দেশনা আগবঢ়োৱাৰ উদ্দেশ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ Innovation, Incubation and Startup Cell ৰ উদ্যোগত সোমবাৰৰ পৰা দুদিনীয়াকৈ 'GUenARK 2026' শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
উদ্বোধনী ভাষণ প্ৰদান কৰি বিশ্ববিদ্যায়লৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উদ্ভাৱন, উদ্যোগশীলতা আৰু আত্মবিশ্বাসৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে,"অসমৰ থলুৱা প্ৰতিভা, উদ্ভাৱনী চিন্তা আৰু উদ্যোগশীল শক্তিক সঠিক দিশ নিৰ্দেশনা আৰু এক উপযুক্ত মঞ্চ প্ৰদান কৰিব পাৰিলে ৰাজ্যখন উদ্যোগ আৰু উদ্ভাৱনৰ এক শক্তিশালী কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব। GUenARK 2026 ৰ দৰে পদক্ষেপে উদ্যোগ খণ্ডৰ অসমৰ যুৱসমাজক আত্মবিশ্বাসী কৰি তোলাৰ লগতে থলুৱা উদ্যোগসমূহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ পথ প্ৰশস্ত কৰিছে।"
অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰি আই এ এছ ড⁰ জীৱন বসাভাৰজে (Secretary, Dept. of Innovation and Startup, ) উদ্যোগ খণ্ডৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশত গুৰুত্ব আৰোপ কৰি কয় যে, "উদ্ভাৱনেই আগন্তুক ভৱিষ্যতৰ পথ প্ৰদৰ্শক। সঠিক নীতি, আধুনিক প্ৰযুক্তি আৰু প্ৰতিষ্ঠানিক সহায় লাভ কৰিলে অসমৰ যুৱ ব্যৱসায়ীসকলে নিজৰ ধাৰণা আৰু সপোনক বাস্তৱায়িত কৰিব পাৰে। GUenARK 2026ৰ দৰে উদ্যোগে শিক্ষানুষ্ঠান, চৰকাৰ আৰু উদ্যোগ জগতৰ মাজত সংযোগ স্থাপন কৰি থলুৱা উদ্যোগসমূহক ৰাষ্ট্ৰীয় আৰু বিশ্ব পৰিসৰত আগবঢ়াই নিয়াৰ বাবে এক শক্তিশালী ভিত্তি গঢ়ি তুলিব।"
অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীত Ideathon ত ৩৫ টা দল, Hackathon ত ৪০ টা দল আৰু Startup Showcase ত ৭৩ টা ষ্টাৰ্টআপকে ধৰি শিক্ষাৰ্থী, উদ্ভাৱক, ষ্টাৰ্টআপ প্ৰতিষ্ঠাপক সহিতে ১৫০০ তকৈ অধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
উক্ত অনুষ্ঠানত সন্মানীয় অতিথিৰূপে শ্ৰীসুবিৰ সিনহা (Vice President-Rural Incubation) উপস্থিত থকাৰ লগতে অধ্যাপক ৰাতুল মহন্ত (Chairman, IIS), অধ্যাপক প্ৰশান্ত শৰ্মা (Dean, Faculty of Commerce and Management), অধ্যাপক কুমানন্দ টায়ুং (Dean, Faculty of Science) সমন্বিতে বিশিষ্ট ব্যক্তিসকল, গৱেষক শিক্ষাৰ্থী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে।


No comments:
Post a Comment