গুৱাহাটী বিশ্ববিদ্যালয়ত আচাৰ্য যোগীৰাজ বসু সোৱঁৰণী বক্তৃতানুষ্ঠান সম্পন্ন
গুৱাহাটী, ফেব্ৰুৱাৰী ৯, ২০২৬ : অসমৰ মহামহিম ৰাজ্যপাল মাননীয় শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱৰ গৌৰৱময় উপস্থিতিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ উদ্যোগত তথা অধ্যাপক উমাকান্ত দেৱ শৰ্মা ফাউণ্ডেচনৰ সহযোগত ফণীধৰ দত্ত প্ৰেক্ষাগৃহত সোমবাৰে আচাৰ্য যোগীৰাজ বসু সোৱঁৰণী বক্তৃতানুষ্ঠান সম্পন্ন হয়।
বক্তৃতানুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰি মহামহিম ৰাজ্যপাল মাননীয় শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱে উল্লেখ কৰে যে, “সংস্কৃত হৈছে বিকশিত ভাৰতবৰ্ষৰ আধাৰশিলা। ‘বসুধৈৱ কুটুম্বকম্’ৰ দৰে সংস্কৃত ধাৰণাসমূহে ভাৰতবৰ্ষৰ বিবিধতাৰ মাজত একতাৰ বোধ জাগ্ৰত কৰি বিশ্বমানৱৰ চিন্তাধাৰাক পথ দেখুৱাই আহিছে। সহস্ৰাব্দজুৰি সংস্কৃত ভাষাই ভাৰতীয় সভ্যতা, দৰ্শন, বিজ্ঞান, সাহিত্য আৰু নৈতিক চিন্তাধাৰাক এক গভীৰ ভিত্তি প্ৰদান কৰি আহিছে। সংস্কৃত ভাষা আৰু ইয়াৰ অন্তৰ্নিহিত চিন্তাধাৰা আধুনিক ভাৰতৰ বিকাশযাত্ৰাত অতি প্ৰাসংগিক।"
বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি আদৰণি ভাষণত উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই কয় যে, "বিশ্ববিদ্যালয় কেৱল পাঠদানৰ এক কেন্দ্ৰ নহয় - ই হৈছে জ্ঞান, চিন্তা আৰু পৰম্পৰাৰ এক সজীৱ মিলনস্থল। আচাৰ্য যোগীৰাজ বসু সোৱঁৰণী বক্তৃতাৰ দৰে অনুষ্ঠানসমূহে সংস্কৃত ভাষা আৰু উপনিষদীয় দৰ্শনৰ সমৃদ্ধ পৰম্পৰাক আধুনিক শিক্ষাৰ সৈতে সংযোগ স্থাপন কৰি নৱ প্ৰজন্মক মননশীল আৰু মূল্যবোধসম্পন্ন নাগৰিক হিচাপে গঢ়ি তোলাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আমি আশাবাদী।”
উক্ত অনুষ্ঠানতে অধ্যাপক পণ্ডিত উমাকান্ত দেৱ শৰ্মা ফাউণ্ডেচনৰ উদ্যোগত আচাৰ্য উমাকান্ত দেৱ শৰ্মাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে বিশিষ্ট সংস্কৃত পণ্ডিত, সংস্কৃত ভাৰতীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অধ্যাপক ৰমেশ কুমাৰ পাণ্ডেক 'সংস্কৃত ৰত্ন' সন্মানৰে বিভূষিত কৰা হয়।
বি.এ.পি. এচ. স্বামী নাৰায়ণ অনুসন্ধান সংস্থাৰ অধ্যক্ষ মহামহোপাধ্যায় সাধু ভদ্ৰেশ দাসে 'THE AESTHETIC BEAUTY OF UPANIŞADIC DIALOGUE' শীৰ্ষক বিষয়ত আচাৰ্য যোগীৰাজ বসু স্মাৰক বক্তৃতা প্ৰদান কৰে। পণ্ডিত উমাকান্ত দেব শৰ্মা ফাউণ্ডেচনৰ সভাপতি কনক চন্দ্ৰ শৰ্মাই অসমত সংস্কৃত শিক্ষাৰ ওপৰত আলোকপাত কৰে। সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক কামেশ্বৰ শুক্লাই আগবঢ়োৱা শলাগৰ শৰাইৰে অনুষ্ঠানৰ অন্ত পৰে।


No comments