Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

মালিগাৱত অসম গট টেলেন্ট ১০ ৰ গ্ৰেণ্ড ফিনালে।


 
গুৱাহাটী  3 ফেব্ৰুৱাৰী:  ৰেইনবো এন্টাৰটেইনমেন্টৰ উদ্যোগত মালিগাও বৰিপাৰাস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া পেক্ষাগৃহত 31 জানুৱাৰী নিশা অনুস্থিত হয় অসম গট টেলেন্ট ১০ ৰ গ্ৰেণ্ড ফিনালে।  
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ১ হাজাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাত ৫০ গৰাকী প্ৰতিযোগী গ্ৰেণ্ড ফিনালেলৈ নিৰ্বাচিত হয় ।


 

 নিশা বন্তি প্ৰজলনেৰে গ্ৰেণ্ড ফিনালেৰ শুভাৰম্ভ কৰে ৰেইনবো এন্টাৰটেইনমেন্টৰ মুখ্য পৰিচালন সঞ্চালিকা চনু চৌধুৰীয়ে । প্ৰতিযোগিতাত বিচাৰকৰ আসনত আছিল মনোজ দাস , মিনু পল , শঙ্কৰ কলিতা আৰু চাইনা ছিভ । অনুস্থানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বলিউডৰ সঙ্গীত পৰিচালক জাভেদ- মহছিন । 


প্ৰতিযোগিতাত চুড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰে গহপুৰৰ কেডি গাৰ্লছ ক্ৰুই , দ্বিতীয় তথা ৰ্ফাষ্ট ৰানাৰছাপ তেজপুৰৰ কৰণ দাস আৰু তৃতীয় তথা চেকেণ্ড ৰানাৰছাপ খিতাপ লাভ কৰে লক্ষীমপূৰৰ অভিনৱ বৰাই । অনুস্থানত বিভিন্ন দিশত পাৰদৰ্শিতা দেখুওৱা  কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা সাংবাদিকক বিশেষ সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে অসম গট টেলেন্টৰ পৰাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকীও প্ৰতিযোগীয়ে ৰাষ্ট্ৰীয় পৰ্য্যায়ত সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।

No comments

Powered by Blogger.