Tuesday, February 10, 2026

শ্ৰী শ্ৰীলংকেশ্বৰ ধামত শিৱৰাত্রী পূজা আৰু মহামেলা উৎসৱৰ আয়োজন



জালুকবাৰী , ১০  ফেব্ৰুৱাৰী :  গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ  ঐতিহাসিক শ্ৰী শ্ৰীলংকেশ্বৰ ধামত অহা ১৫ আৰু ১৬  ফেব্ৰুৱাৰীত শ্ৰী শ্ৰী লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা  কমিটিৰ  উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে  মহা শিৱৰাত্রী পূজা আৰু মহামেলা উৎসৱ উদযাপনৰ আয়োজন কৰা হৈছে । ১৫ ফেব্ৰুৱাৰীত   পুৱা ৬ বজাত পূজা অৰ্চনাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত ১০ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব কমিটিৰ  সভাপতি  কামিনী কান্ত কলিতাই ।

 তাৰ পাছত ১০.৩০ বজাৰ পৰা ভাগৱত পাঠ আৰু নাম কীৰ্তন, বিয়লি  ২  বজাৰ পৰা ৰাজহুৱা ভোগ বিতৰণ কৰা হব । সন্ধিয়া ৬ বজাত আৰতি , নিশা ৭  বজাৰ পৰা শিৱ চতুৰ্দশী তিথিৰ শিৱৰাত্রী পূজা আৰম্ভ হোৱাৰ পাছত নিশা ৮ বজাৰ পৰা নাম কীৰ্ত্তন অনুষ্ঠিত হব ।  আনহাতে ১৬ ফেব্ৰুৱাৰীত  দ্বিতীয় তথা শেহৰ দিনা পুৱা ৬ বজাত ভক্ত সকলৰ পূজা অৰ্চনাৰে কাৰ্যসূচী আৰম্ভ হব । দিনৰ ১১ বজাৰ পৰা নাম - কীৰ্ত্তন আৰু  শিৱৰাত্রিৰ ব্ৰতৰ পাৰণ , বিয়লি ১ বজাৰ পৰা ভোগ বিতৰণ কৰা হব । 

সন্ধিয়া আৰতিৰে দুদিনীয়া মহা শিৱৰাত্রী পূজাৰ কাৰ্যসূচীৰ সামৰণি মৰা হব ।  উদ্যোক্তা সকলৰ হৈ পৰিচালনা কমিটিৰ সভাপতি কামিনী কান্ত কলিতা আৰু সাধাৰণ সম্পাদক যাদৱ চন্দ্ৰ কলিতাই এটা বিবৃতিত  শিৱৰাত্রী পূজা আৰু মহামেলাৰ দুয়োদিনৰ  কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে ।

No comments:

Post a Comment