Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাজ্যিক ৰেড ৰিবন যুৱ সমাৱেশ সম্পন্ন



গুৱাহাটী,২৭ ফেব্ৰুৱাৰী :এইচ আই ভি,এইডছৰ সজাগতা সৃষ্টিৰ বাবে ২২ আৰু ২৩ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত গুৱাহাটী বিশ্ববিদ্যালয় ৰেড ৰিবন ক্লাব আৰু অসম ৰাজ্যিক এইড্‌ছ নিয়ন্ত্ৰণ সমিতিৰ যৌথ উদ্যোগত ৰাজ্যিক  ৰেড ৰিবন যুৱ সমাৱেশ  অনুষ্ঠিত  কৰা হয়। এই সমাৱেশ এইচ আই ভি এইডছ সজাগতা বৃদ্ধি কৰাৰ লগতে  যুৱ নেতৃত্ব গঢ়ি তোলা,তথা  এই ৰোগবিৰোধী সংগ্ৰামত যুৱসমাজৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰি  ৰাজ্যজুৰি ৰেড ৰিবন আন্দোলন শক্তিশালী কৰি তোলা।


অনুষ্ঠান উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে এন.এছ.এছ., উত্তৰ-পূৰ্বাঞ্চল, গুৱাহাটী ৰ আঞ্চলিক সঞ্চালক শ্ৰী ডি. কাৰ্থিগুৱেন; ভাৰত চৰকাৰৰ ‘মাই ভাৰত’, উত্তৰ-পূৰ্বাঞ্চল ৰ আঞ্চলিক সঞ্চালক শ্ৰী দিনবন্ধু সাহা; আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডo ৰঞ্জন কুমাৰ কাকতি।
ডo কাকতিয়ে  আদৰণি ভাষণ প্ৰদান কৰি কয় যে যুৱসমাজত সজাগতা সৃষ্টি কৰা, কুসংস্কাৰ আৰু ভ্ৰান্ত ধাৰণা দূৰ কৰা, আৰু স্বাস্থ্যসচেতন জীৱনশৈলী গঢ়ি তোলাত ল’বলগীয়া গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেখেতে কয় যে ৰেড ৰিবন যুৱ সমাৱেশ হৈছে এক এনে মঞ্চ, যিয়ে যুৱ নেতৃত্বক নিজ নিজ সমাজত পৰিৱর্তনৰ দূত হিচাপে আগবঢ়িবলৈ উৎসাহিত কৰে।


অধ্যাপক  ধ্ৰুব চহৰীয়াই শিক্ষানুষ্ঠানসমূহত সজাগতা কাৰ্যসূচীৰ প্ৰয়োজনীয়তা আৰু ছাত্ৰ-ছাত্ৰীসকলক সামাজিক দায়িত্বমূলক কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণৰ বাবে উৎসাহিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অসম ৰাজ্য এইড্‌ছ নিয়ন্ত্ৰণ সমিতিৰ সহকাৰী সঞ্চালক শ্ৰী পল্লৱ জ্যোতি হাজৰিকাই এইচ আই ভি, এইডছ প্ৰতিৰোধ, পৰীক্ষা আৰু পৰামৰ্শ সেৱাৰ ক্ষেত্ৰত সমিতিৰ  প্ৰচেষ্টাসমূহ উল্লেখ কৰি সমন্বিত পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা ব্যক্ত কৰে।


অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ উপ-সঞ্চালিকা শ্ৰীমতী পিংকি হাজৰিকাই দায়িত্বশীল যুৱ নেতৃত্ব গঢ়ি তোলাত উচ্চ শিক্ষানুষ্ঠানসমূহৰ ভূমিকা সম্পৰ্কে আলোচনা  কৰে। অসম চৰকাৰৰ স্বাস্থ্য সঞ্চালক ডা. উমেশ কুমাৰ ফাংছোৱে জনস্বাস্থ্য দৃষ্টিভংগীৰে আগতীয়াকৈ সজাগতা, প্ৰতিৰোধমূলক ব্যৱস্থা আৰু  প্ৰচাৰৰ গুৰুত্ব সম্পৰ্কে বিশদভাৱে বৰ্ণনা কৰে।
এই সমাৱেশত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা  ছাত্ৰ-ছাত্ৰী, এন.এছ.এছ. স্বেচ্ছাসেৱক আৰু ৰেড ৰিবন ক্লাবৰ সদস্য মিলি  দুয়োটা দিনতে ৩০০ জনে  অংশগ্ৰহণ কৰে। এই অনুষ্ঠানটোৱে এইচ আই ভি, এইডছ মুক্ত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে শিক্ষানুষ্ঠান, চৰকাৰী সংস্থা আৰু যুৱ সংগঠনসমূহৰ সমন্বিত প্ৰতিশ্ৰুতি  নিশ্চিত কৰে।

No comments

Powered by Blogger.