ন'বেল বঁটা বিজয়ী চি ভি ৰমণক সুঁৱৰি পাণ্ডু মহাবিদ্যালয়ত বিজ্ঞান আৰু উদ্ভাৱনত নাৰীৰ অৱদানক গুৰুত্ব প্রদানেৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন
গুৱাহাটী ২৮ ফেব্ৰুৱাৰী: আজি পাণ্ডু মহাবিদ্যালয়ত আন্তঃমহাবিদ্যালয় তর্ক প্রতিযোগিতা, বিজ্ঞানৰ আৰ্হি প্রদর্শনী, ভাৰতীয় জ্ঞান পৰম্পৰাৰ পোষ্টাৰ প্ৰদৰ্শনী আৰু হস্তশিল্পৰ প্ৰদৰ্শনীৰ মাজেৰে উলহ-মালহেৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিরস উদযাপন কৰা হয়। মহাবিদ্যালয় সংগীতেৰে শুভাৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত মুখ্য বক্তাৰূপে উপস্থিত থাকি গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰী সহযোগী অধ্যাপক ড° তপন শৰ্মা আৰু নুমলীগড় তেল শোধনাগাৰৰ কৰ্পৰেট পৰিকল্পনা আৰু নীতিৰ প্ৰমুখ প্রান্ত প্রতিম সিনহাই চি ভি ৰমণক শ্ৰদ্ধাৰে সুঁৱৰি বিশ্ব সভ্যতালৈ বিজ্ঞানৰ অৱদানক উল্লেখ কৰে। অনুষ্ঠানত নোবেল বঁটা বিজয়ী চি ভি ৰমন আৰু বিশিষ্ট অসমীয়া গায়ক জুবিন গাৰ্গক সংগীত বাঁহীৰে শ্রদ্ধাঞ্জলি জনোৱা হয়।
পাণ্ডু মহাবিদ্যালয়ৰ অধ্যক্ষ ৬০ সঞ্চয় জ্যোতি বৰাই বিজ্ঞানসম্মত স্বভাব, গৱেষণামুখীতা, আৰু উন্নত ভাৰত গঢ় দিয়াত নাৰীৰ জটিল ভূমিকাৰ ওপৰত আলোকপাত কৰি উদ্বোধনী ভাষণ প্রদান কৰে। পাণ্ডু মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ৰিমকি ভট্টাচার্য আৰু প্রাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ মল্লিকা গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত শলাগৰ শৰাই জ্ঞাপন কৰে পাণ্ডু মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ সহকাৰী অধ্যাপক ড০ ছিলা জোন গগৈয়ে।
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে আয়োজিত "কৃত্রিম বুদ্ধিমত্তা মানৱ সমাজৰ বাবে আশীৰ্বাদ" বিষয়ক আন্তঃমহাবিদ্যালয়ভিত্তিক তর্ক প্রতিযোগিতাত কেইবাখনো মহাবিদ্যালয়ৰ পৰা ৩৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিষয়ৰ সপক্ষে আৰু ২৭ গৰাকী ছাত্র-ছাত্রীয়ে বিষয়ৰ বিপক্ষে মত আগবঢ়ায়।
তর্ক প্রতিযোগিতাখনৰ বিচাৰকৰূপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° হিমাংশু প্রবাল গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী পঞ্জীয়ক ড° হীৰক জ্যোতি শর্মা আৰু অধিবক্তা বিশালদ্বীপ কাকতিয়ে তর্ক প্রতিযোগীসকলৰ মানদণ্ডক লৈ সন্তোষ প্রকাশ কৰাৰ লগতে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ প্ৰাসংগিকতা ছাত্ৰ-ছাত্ৰীসকলৰ মাজলৈ লৈ যোৱাৰ বাবে পাণ্ডু মহাবিদ্যালয়ৰ বিজ্ঞান চ'ৰাৰ সক্রিয় ভূমিকাৰ শলাগ লয়।
কানাড়া বেংকৰ মালিগাঁও শাখাৰ আৰ্থিক সাহায্যৰে আয়োজিত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত তর্ক প্রতিযোগিতাৰ সমান্তৰালভাৱে মহাবিদ্যালয়ৰ বকুল প্রাংগনত আয়োজিত বিজ্ঞানৰ আৰ্হি প্রদর্শনী, ভাৰতীয় জ্ঞান পৰম্পৰাৰ পোষ্টাৰ প্ৰদৰ্শনী আৰু হস্তশিল্পৰ প্রদর্শনীত মহাবিদ্যালয়ৰ প্ৰায়কেইটা বিভাগৰ পৰা ৬০ গৰাকীতকৈও বেছি ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে।






No comments