Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

অসম আয়ুৰ্বেদিক চিকিৎসক সেৱা সন্থা(আডচা)ৰ অধিৱেশন সম্পন্ন



গুৱাহাটী ,২ ফেব্ৰুৱাৰী : অসম আয়ুৰ্বেদিক চিকিৎসক সেৱা সন্থা (আডচা)ৰ একাদশ দ্বি-বার্ষিক অধিবেশন ৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত  অনুষ্ঠিত হৈ যায়। ৩০ জানুৱাৰীত  ডাঃ বুৰহানউদ্দিন চৌধুৰীয়ে পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত শ্বহীদ তৰ্পণ কৰে ডাঃ শংকৰজ্যোতি দাসে। 

আনহাতে  ডাঃ গৌতম কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ সঞ্চালক তথা অসম চৰকাৰৰ সচিব ডাঃ লক্ষ্মণন এছ, চৰকাৰী আয়ুবেদিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ প্ৰণৱজ্যোতি বৈশ্য, আয়ুষ সঞ্চালকালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া অংশুলেখা দত্ত পাঠক, আয়ুষ সঞ্চালকালয়ৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ শশী সোণোৱাল , অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ সুভাষ চন্দ্র শর্মা, আডচাৰ ভাৰপ্ৰাপ্ত সভাপতি ডাঃ বুৰহানউদ্দিন চৌধুৰী, সাধাৰণ সম্পাদক ডাঃ শংকৰ জ্যোতি দাস উপস্থিত থাকে। সভাত অধিবেশনৰ লগত সংগতি ৰাখি ডাঃ জোতির্ময় চৌধুৰীৰ সম্পাদনাত প্ৰকাশিত  স্মৰণিকাখন উন্মোচন কৰা হয় । অধিবেশনতে অৱসৰপ্ৰাপ্ত চিকিৎসক সকলক আৰু বিভিন্ন ক্ষেত্ৰত কৃতিমান চিকিৎসক সকলকো বিশেষভাৱে সম্বর্ধনা জনোৱা হয়।


৩১ জানুৱাৰীত অনুষ্ঠিত  হোৱা প্রতিনিধি সভাত অসমৰ বিভিন্ন প্রান্তত কৰ্মৰত চিকিৎসকসকলে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি ৰাইজৰ মাজত অধিক জনপ্রিয় কৰাৰ বাবে পৰিকল্পনা তথা সম্মুখীন হৈ থকা সমস্যা সমুহৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে। উক্ত দুয়ো দিনতে বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ৩১ জানুৱাৰীত সন্ধিয়া অনুষ্ঠিত বিষয় বাছনি সভাত আগন্তক কাৰ্যকালৰ  বাবে সৰ্বসন্মতিক্ৰমে পূৰ্বৰ ৩ টা কাৰ্যকালৰ প্রাক্তন সাধাৰণ সম্পাদক ডাঃ শংকৰ জ্যোতি দাসক সভাপতি আৰু ডাঃ ধীৰাজ কুমাৰ পাঠকক সাধাৰণ সম্পাদক হিচাপে লৈ এখন কাৰ্যকৰী সমিতি গঠন কৰা হয়। 

ইয়াৰ উপৰিও ডাঃ বুৰহানউদ্দিন চৌধুৰীক কাৰ্যকৰী  সভাপতি, ডাঃ ৰতন কুমাৰ দাস, আৰু ডাঃ মন্টু দাসক  উপ-সভাপতি, ডাঃ জ্যোতিৰ্ময় চৌধুৰী আৰু ডাঃ যদুমনি বৰাক সহকাৰী সাধাৰণ সম্পাদক, ডাঃ প্ৰণৱ প্ৰনৱ শর্মাক কোষাধ্যক্ষ, ডাঃ সুজিত জ্যোতি শাণ্ডিল্যক  আলোচনী সম্পাদক,  ডাঃ জামাল আহমেদ চৌধুৰী, ডাঃ অৰুন কুমাৰ শইকীয়া, ডাঃ দিব্যজ্যোতি বৰদলৈ, ডাঃ অনিমেষ কুমাৰ শর্মা আৰু  ডাঃ মৃদুল বৰাক  সাংগঠনিক সম্পাদক , ডাঃ কৰৱী হাজৰিকা চৌধুৰী আৰু ডাঃ জুপিতৰা দত্তক প্ৰচাৰ সম্পাদক ,  ডাঃ জয়ন্ত খাটনিয়াৰ, ডাঃ চেমিন ইছলাম, ডাঃ মধুসুধন কলিতা, ডাঃ ৰাজীৱ কুমাৰ শর্মা, ডাঃ হেমন্ত কুমাৰ নাথ, ডাঃ ইছমত আহমেদ আৰু ডাঃ জয়ন্ত বর্মনক কাৰ্যনিৰ্বাহক সদস্য হিচাপে নির্বাচিত কৰা হয়।

No comments

Powered by Blogger.