Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ৰাণীত বন্যহস্তীৰ তাণ্ডৱ ; বাসগৃহ ভাঙি লণ্ডভণ্ড ; কথমপি প্ৰাণৰক্ষা গৃহস্থৰ


 
গুৱাহাটী ,২৭ ফেব্ৰুৱাৰী : মহানগৰীৰ সমীপৱৰ্তী অসম মেঘালয় সীমান্তবৰ্তী ৰাণীত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰব । হাতীৰ জাকে প্ৰতিনিশাই চলোৱা তাণ্ডবৰ বাবে সাধাৰণ ৰাইজে উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে । কালি নিশাও তিনি - চাৰিজনীয়া  বন্যহস্তীৰ এটা জাকে ৰাণীৰ মৈৰাপুৰ গাঁৱৰ মাণিকপুৰত   উপদ্ৰব চলাই আতংকৰ সৃষ্টি কৰে । 


হাতীৰ জাকটোৱে মাণিকপুৰৰ কলামণি দাসৰ  বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে যদিও সোভাগ্যক্ৰমে  কলামণি দাস দৌৰি গৈ কথমপি প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় ।  ইয়াৰ উপৰিও ওচৰতে থকা গাজিৰাম দাস, অনিল তালুকদাৰ , জীৱন ঠাকুৰীয়া , পুষ্প ঠাকুৰীয়াকে ধৰি কেবাটাও পৰিয়ালৰ ঘৰৰ চৌহদৰ বিস্তৰ ক্ষতিসাধন কৰে। একেদৰে সঞ্জীৱ দাস নামৰ লোকজনৰ ভঁৰাল ঘৰটো ভাঙি  ধান খাই নষ্ট কৰাত পৰিয়ালটোৱে  মুৰে-কপালে হাত দিবলগীয়া হৈছে । 

 


তদুপৰি হাতীৰ জাকটোৱে ৰাণীৰ মেঘালয় সীমান্তবৰ্তী চল্লি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী  শিক্ষক চবিন চন্দ্ৰ নাথে  মাণিকপুৰ গাঁৱত স্থাপন কৰা এখন উদ্যান শস্যৰ ফাৰ্মৰ বেৰ ভাঙি প্ৰৱেশ কৰি তাত থকা বিভিন্ন প্ৰজাতিৰ গছ-গছনি ভাঙি-চিঙি বিস্তৰ ক্ষতিসাধন কৰে । উল্লেখ্য যে এইবেলি  বনৰীয়া হাতীৰ উপদ্ৰৱে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰা পৰিলক্ষিত হৈছে । মাণিকপুৰ, মৈৰাপুৰ,পুৰাণ শুকুৰবেৰীয়া,বেলগুৰি মৈৰাপুৰ , পাটগাওঁ ,  মাজপাৰা ,নালাপাৰা , বিক্ৰমপুৰ আদিৰ গঞা ৰাইজে হাতীৰ আক্ৰমণৰ ভয়ত  নিতৌ উজাগৰে থাকিবলগীয়া হৈছে। তাৰ ভিতৰত  মাণিকপুৰত আটাইতকৈ বেছি  ত্ৰাসৰ সৃষ্টি কৰি আছে বনৰীয়া হাতীৰ জাকে ।


 

No comments

Powered by Blogger.