লঙ্কেশ্বৰস্থিত অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত এদিনীয়া গ্ৰন্থমেলা।
গুৱাহাটী , ২৬ ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীৰ লঙ্কেশ্বৰস্থিত অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হয় এদিনীয়া গ্ৰন্থমেলাৰ। মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ তথা আভ্যন্তৰীণ মান নিৰূপণ কোষৰ (IQAC) যুটীয়া উদ্যোগত অনুষ্ঠিত গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। একে অনুষ্ঠানতে চৌধুৰীয়ে অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ তিনিমহীয়া প্ৰকাশ ASPM BARTA খনো উন্মোচন কৰে।মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মালৱিকা কলিতা বৰদলৈয়ে ছাত্ৰ ছাত্ৰী সকলৰ লগত এক মননশীল আলাপত অংশ গ্ৰহণ কৰে।
গ্ৰন্থাগাৰিক নমিতা গোস্বামীয়ে উপস্থিত আটাইকে মহাবিদ্যালয় প্ৰাঙ্গনত দ্বিতীয় বাৰৰ বাবে আয়োজিত গ্ৰন্থমেলালৈ আদৰণি জনাই । উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ শিক্ষক ৰঞ্জন পাটোৱাৰীয়ে।
জালুকবাৰী ছোৱালী হাইস্কুল, জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক -শিক্ষয়িত্ৰী সকলৰ সুন্দৰ গীত-মাত, কবিতা আবৃত্তিৰে মুখৰিত হৈ পৰা গ্ৰন্থমেলাত অংশ গ্ৰহণ কৰা বিপনী সমূহৰ পৰা জানিব পৰা মতে এদিনীয়া গ্ৰন্থমেলাখনত ছাত্ৰ-ছাত্ৰী সকলৰ পৰা লাভ কৰা সঁহাৰি যথেষ্ট উৎসাহজনক আছিল।
গ্ৰন্থমেলাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক তথা বৰ্তমান বিশেষ কৰ্তব্যৰত বিষয়া আব্দুল আজিজ আলি, সমীন্দ্ৰ হুজুৰী, অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ যোগেশ ডেকা, জ্যেষ্ঠা অধ্যাপিকা ফৰিদা য়াছমিন প্ৰমুখ্যে অন্যান্য সকল উপস্থিত থাকে।




No comments