Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ব্ৰিটিছ মিউজিয়ামৰ শ্ৰী ৰিচাৰ্ড ব্লাৰ্টনে গুৱাহাটী বিশ্ববিদ্যালয়ত বৃন্দাবনী বস্ত্ৰ আৰু অসমৰ সাংস্কৃতিক ঐতিহ্য বিষয়ক আলোচনা আগবঢ়ায়

 

গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী, ২০২৬ঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰত্নতাত্ত্বিক তথা ব্ৰিটিছ মিউজিয়ামৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া বিভাগৰ প্ৰাক্তন মুৰব্বী শ্ৰী ৰিচাৰ্ড ব্লাৰ্টনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপক  আৰু শিক্ষাৰ্থীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ মতবিনিময়ত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত অসমৰ চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড° বল্লেপু কল্যাণ চক্ৰৱৰ্তীও উপস্থিত থাকে। অনুষ্ঠানটোত অসমৰ সভ্যতামূলক ঐতিহ্য সম্পৰ্কে আলোচনা কৰা হয়।

শ্রী ব্লাৰ্টনে অসমৰ শিল্প আৰু ভক্তিমূলক পৰম্পৰাক এক বিস্তৃত আন্তঃৰাষ্ট্ৰীয় পৰিপ্ৰেক্ষিতত স্থাপন কৰা, বিশেষকৈ ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ বৃন্দাবনী বস্ত্ৰক কেন্দ্ৰ কৰি বক্তৃতা প্ৰদান কৰে।তেওঁ ইয়াক “এটা শিল্পকৰ্মতকৈ অধিক” বুলি বৰ্ণনা কৰি কয় যে ই বিশ্বাস, সমাজ আৰু কাহিনীৰে গঢ় লৈ উঠা এক সাংস্কৃতিককল্পনাৰ প্ৰতিফলন, যাক অবিৰত গৱেষণা আৰু সংৰক্ষণৰ প্ৰয়োজন।

এই আলোচনাচক্ৰত বস্ত্ৰসংস্কৃতি, পৱিত্ৰ পৰম্পৰা আৰু শিল্পসৃষ্টিৰ ওপৰত গভীৰ আলোচনা অনুষ্ঠিত হয়, য’ত শিক্ষক, গৱেষক আৰু শিক্ষাৰ্থীসকলে অসমৰ ঐতিহ্যক বিশ্বৰ শৈক্ষিক ক্ষেত্ৰখনত স্থাপন কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে মতামত ব্যক্ত কৰে।



উপাচাৰ্য্য অধ্যাপক ননী গোপাল মহন্তই উল্লেখ কৰে যে বৃন্দাবনী বস্ত্ৰ হৈছে অসমৰ আধ্যাত্মিক চেতনা আৰু কাৰুকাৰ্য্যৰ এক গভীৰ প্ৰতীক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিৰন্তন ঐতিহ্যৰ বিষয়ে  উল্লেখ কৰি উপাচাৰ্য গৰাকীয়ে কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ে কঠোৰ শৈক্ষিক গৱেষণাৰ লগতে অঞ্চলটোৰ সাংস্কৃতিক ভিত্তি সংৰক্ষণৰ ক্ষেত্ৰত সদায় প্ৰতিশ্ৰুতিবদ্ধ।

উপাচাৰ্য্যগৰাকীয়ে নামঘৰৰ দৰে প্ৰতিষ্ঠানসমূহৰ দাৰ্শনিক গভীৰতাৰ বিষয়েও উল্লেখ কৰে যি হৈছে আকাৰ আৰু নিৰাকাৰৰ প্ৰতীক। লগতে তেওঁ কয় যে অংকীয়া ভাওনাৰ দৰে পৰম্পৰাই ভক্তি আন্দোলনৰ অন্তৰ্গত ভক্তি আৰু শিল্পৰ এক সুন্দৰ সমন্বয় প্ৰতিফলিত কৰে।

এই অনুষ্ঠানত শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈ আৰু পৰীক্ষা নিয়ন্ত্ৰক অধ্যাপক কন্দৰ্প কুমাৰ শৰ্মাৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

শ্ৰী ৰিচাৰ্ড ব্লাৰ্টনৰ দৰে বৈশ্বিক গৱেষকক আতিথ্য জনোৱাৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলত ঐতিহ্য গৱেষণা আৰু সাংস্কৃতিক অধ্যয়নক্ষেত্ৰত এক অগ্ৰণী কেন্দ্ৰ হিচাপে নিজৰ স্থান অধিক সুদৃঢ় কৰিছে।

No comments

Powered by Blogger.