কেৰেলাৰ ৰাষ্ট্ৰীয় একতা শিবিৰলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছএছ স্বেচ্ছাসেৱকৰ দলৰ যাত্ৰা
গুৱাহাটী , ১৫ ফেব্ৰুৱাৰী : গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ দহজনীয়া ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ (এন এছ এছ) স্বেচ্ছাসেৱকৰ দলটোৱে ১৭ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ কেৰালাৰ কুট্টিক্কানামত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় একতা শিবিৰত অংশগ্ৰহণ কৰিব । এন এছ এছৰ কাৰ্যসূচী বিষয়া ইমৰান মজিদৰ নেতৃত্বত দলটোৱে ১৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা পৰা ৰেলযোগে কেৰেলা অভিমুখে যাত্ৰা কৰিছে।
দলটোত বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰা স্বেচ্ছাসেৱকসকল হ'ল ক্ৰমে - সংগীতা সাউদ, হিমাক্ষী চৌধুৰী, অয়ন কুমাৰ সাহা, ৰুবিনা খাতুন, কৌশিক শৰ্মা, ধৃতিস্মিতা চৌধুৰী, ধ্ৰুৱজ্যোতি দাস, শালিনী কৌৰ, দিক্ষিতা ডেকা, আৰু ভাস্কৰ বৰা। ভাৰত চৰকাৰৰ যুৱ পৰিকল্পনা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত আয়োজিত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় একতা শিবিৰৰ উদ্দেশ্য হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীসকলক একত্ৰিত কৰি ৰাষ্ট্ৰীয় সংহতি আৰু পাৰস্পৰিক সমন্বয় গঢ়ি তোলা।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আধ্যাপক ননী গোপাল মহন্ত, পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, আৰু ছাত্ৰ কল্যাণ সঞ্চালক আৰু এন এছ এছৰ কাৰ্যসূচী সমম্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে দলটোক শুভেচ্ছা জ্ঞাপন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ কামনা কৰিছে ।

No comments