কামৰূপ মহানগৰত চলিত বৰ্ষৰ আশা অভিৱৰ্তন সফলভাৱে সম্পন্ন
গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী, ২০২৬ কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে চলিত বৰ্ষৰ আশা অভিৱৰ্তন সফলভাৱে অনুষ্ঠিত হয়। আশা কৰ্মীসকলে স্বাস্থ্য বিভাগ আৰু সমাজৰ মাজত এক গুৰুত্বপূৰ্ণ যোগসূত্ৰ হিচাপে কাম কৰি আহিছে। বৰ্তমানে মহানগৰত মুঠ ৬৮৬ গৰাকী আশা কৰ্মী জিলাখনৰ বিভিন্ন স্বাস্থ্য খণ্ডত নিষ্ঠা আৰু দায়িত্বশীলতাৰে কৰ্মৰত হৈ আছে। স্বাস্থ্য বিভাগৰ প্ৰতিটো কাৰ্যসূচীৰ সফল ৰূপায়ণত তেওঁলোকৰ ভূমিকা বিশেষভাবে উল্লেখযোগ্য। জিলাখনৰ আশা কৰ্মীসকলৰ অৱদানক আনুষ্ঠানিক স্বীকৃতি আৰু সন্মান জনোৱাৰ উদ্দেশ্যে এই অভিৱৰ্তনৰ আয়োজন কৰা হয়।
পম্পী কলিতা, জিলা মিডিয়া বিশেষজ্ঞ, এনএইচএম, কামৰূপ মেট্ৰোয়ে প্ৰদান কৰা এটা চৰকাৰী বিবৃতি অনুসাৰে ,আজিৰ অনুষ্ঠানত জিলাখনৰ প্ৰতিটো মণ্ডল আৰু খণ্ডৰ পৰা তিনিগৰাকীকৈ মুঠ পোন্ধৰ গৰাকী উল্লেখযোগ্য অৱদান আগবঢ়োৱা আশাকৰ্মীৰ লগতে সোনাপুৰ খণ্ডৰ এগৰাকী আশা চুপাৰভাইজাৰক একোখনকৈ মানপত্ৰ আৰু পুৰস্কাৰেৰে আনুষ্ঠানিকভাৱে সন্মানিত কৰা হয়। তদুপৰি কৰ্মৰ পৰা অৱ্যাহতি গ্ৰহণ কৰা ১১ গৰাকী আশা কৰ্মীকো এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। আনহাতে, আশা কৰ্মী হিচাপে কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা জিলাখনৰ দুগৰাকী আশা কৰ্মীৰ পৰিয়ালৰ সদস্যক “আশা-কিৰণ” আঁচনিৰ অধীনত এক লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়।
মহানগৰ জিলা পুথিভঁৰালত অনুষ্ঠিত আশা অভিৱৰ্তনখন শুভাৰম্ভ কৰে জিলা উন্নয়ন আয়ুক্ত শ্ৰী পাৰিজাত ভূঞাই। ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নাৰায়ণ দত্ত শৰ্মাকে ধৰি স্বাস্থ্য বিভাগৰ বিষয়াসকল তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আৰু খণ্ডভিত্তিক বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে।




No comments