Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ত iRAD2026 শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন


গুৱাহাটী, জানুৱাৰী ৭, ২০২৬ : উত্তৰ পূৰ্বাঞ্চলৰ অন্য উন্নয়নমূলক শৈক্ষিক দিশৰ লগতে গৱেষণাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ২০২৬ চনৰ ৬ জানুৱাৰীৰ পৰা জ্যেষ্ঠ নীতি-নিৰ্ধাৰক, বিজ্ঞানী আৰু শিক্ষাবিদসকলৰ উপস্থিতিত চাৰিদিনীয়াকৈ অষ্টম সংখ্যক 'India Radar Meteorology' বিষয়ক iRAD2026 শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হয়। প্ৰথম দিনৰ কাৰ্যসূচীত ভাৰত চৰকাৰৰ ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ড° এম. ৰবিচন্দ্ৰন আৰু ভাৰত চৰকাৰৰ ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ ৰাডাৰ বিভাগৰ মুৰব্বী ড° সোমা সেন ৰয়ৰ উপস্থিতিত শৈক্ষিক দিশৰ এক অংশ হিচাপে RADAR School ৰ উদ্বোধন কৰা হয়। 

দ্বিতীয় দিনা আনুষ্ঠানিকভাৱে বিশিষ্ট বিজ্ঞানী অধ্যাপক ভূপেন্দ্ৰ নাথ গোস্বামীৰ আদৰণি ভাষণেৰে শুভাৰম্ভ হোৱা উক্ত অনুষ্ঠানত উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই নিজৰ ভাষণত উল্লেখ কৰে যে, "বৰ্তমানৰ দ্ৰুত প্ৰযুক্তিগত পৰিৱর্তনৰ যুগত ৰাডাৰ বিজ্ঞানৰ দৰে অগ্ৰণী বিষয়সমূহে পৰিৱেশগত প্ৰত্যাহ্বান বুজা, জলবায়ু পৰিৱর্তন অধ্যয়ন আৰু দুৰ্যোগ-ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। iRAD2026 ৰ দৰে আন্তঃৰাষ্ট্ৰীয় সন্মিলনে বিজ্ঞানী, গৱেষক আৰু নীতি-নিৰ্ধাৰকসকলক এখন মঞ্চত একত্ৰিত কৰি জ্ঞান বিনিময় আৰু সহযোগিতাৰ পথ প্ৰশস্ত কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক বৈশিষ্ট্য আৰু জটিল ভূখণ্ডৰ প্ৰেক্ষাপটত প্ৰাসংগিক গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সদায় অগ্ৰণী ভূমিকা পালন কৰি যাব।” তেওঁ লগতে গৱেষণা, উদ্ভাৱন আৰু প্ৰতিষ্ঠানগত সহযোগিতা আগবঢ়োৱাত বিশ্ববিদ্যালয়সমূহৰ দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উদ্বোধনী অনুষ্ঠানত North Eastern Space Applications Centre ৰ সঞ্চালক ড° এছ. পি. আগৰৱাল আৰু Society for Applied Microwave Electronics Engineering and Research (SAMEER)ৰ কাৰ্যসূচী সঞ্চালক ড° এছ. এছ. ককটকাৰে সন্মিলনৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱৰ্তনশীল বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰে। Colorado State University, USA ৰ অধ্যাপক ভি চন্দ্ৰশেখৰে "Precipitation observation in complex terrain (The AQI system)" বিষয়ত মূল ভাষণ প্ৰদান কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই শলাগৰ শৰাই আগবঢ়োৱা উক্ত অনুষ্ঠানত iRAD2026 ৰ ‘Book of Abstracts’ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

উল্ল্যেখযোগ্য যে সন্মিলনৰ আগন্তুক দিনসমূহত ভাৰত তথা বিদেশৰ বিজ্ঞানী, প্ৰযুক্তিবিদ আৰু গৱেষকসকলে অংশগ্ৰহণ কৰি ৰাডাৰ বিজ্ঞান, জলবায়ু গৱেষণা আৰু দুৰ্যোগ প্ৰস্তুতি সন্দৰ্ভত বিশেষকৈ জটিল ভূখণ্ড আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাসংগিকতাক কেন্দ্ৰ কৰি বিস্তৃত আলোচনা কৰিব।

No comments

Powered by Blogger.