Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটীত তিনিদিনীয়াকৈ আৰম্ভ IndiaSkills 2025–26 আঞ্চলিক প্ৰতিযোগিতা, উত্তৰ-পূবৰ ৮ ৰাজ্যৰ ১৬২ জন যুৱ-যুৱতীৰ অংশগ্ৰহণ




গুৱাহাটী ২০ জানুৱাৰী, — কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ উদ্যোগত উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ মাজত তিনিদিনীয়া IndiaSkills 2025–26 আঞ্চলিক প্ৰতিযোগিতা গুৱাহাটীত আৰম্ভ হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত আয়োজিত এই গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাই তৃণমূল পৰ্যায়ৰ দক্ষতা বিকাশৰ পৰা ৰাষ্ট্ৰীয় তথা বিশ্বব্যাপী মঞ্চলৈ যুৱসমাজক আগবঢ়াই নিয়াৰ লক্ষ্য লৈছে।

এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চিকুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰী। তেওঁৰ ভাষণত তেওঁ দক্ষতা বিকাশক আধুনিক ভাৰত গঠনৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ বুলি উল্লেখ কৰি যুৱসমাজক বৃত্তিগত দক্ষতা আহৰণৰ জৰিয়তে আত্মনির্ভৰ হোৱাৰ আহ্বান জনায়।



উদ্বোধনী অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ যুটীয়া সচিব হেনা ওচমান। লগতে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নানীগোপাল মহন্তসহ বিভিন্ন ক্ষেত্ৰৰ বহু গণ্য-মান্য ব্যক্তি। অতিথিসকলে দক্ষতা বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰতৰ অপাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে।

উল্লেখযোগ্য যে, এই আঞ্চলিক প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ পৰা অহা মুঠ ১৬২ জন দক্ষ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগীসকলে মুঠ ২৬ টা ভিন্ন দক্ষতা শ্ৰেণীত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি প্ৰতিযোগিতাত অংশ ল’ব। এই শ্ৰেণীবোৰত আধুনিক প্ৰযুক্তি, পৰম্পৰাগত বৃত্তি আৰু উদীয়মান দক্ষতাৰ সমন্বয় দেখা যায়।

তৃণমূল পৰ্যায়ত থকা দক্ষতাক পৰিশীলিত কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰাৰ লগতে যুৱসমাজৰ বৃত্তিগত ক্ষমতা বৃদ্ধি কৰাই এই IndiaSkills 2025–26 আঞ্চলিক প্ৰতিযোগিতাৰ মূল উদ্দেশ্য। গুৱাহাটীত আয়োজিত এই প্ৰতিযোগিতাই উত্তৰ-পূব ভাৰতৰ দক্ষ যুৱসমাজৰ বাবে এক নতুন দিশ আৰু সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে।


No comments

Powered by Blogger.