গুৱাহাটী বিশ্ববিদ্যালয়ত গুৰুত্বপূৰ্ণ শৈক্ষিক বৈঠক সম্পন্ন
গুৱাহাটী, জানুৱাৰী ৯, ২০২৬ : উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ পৰিকাঠামোৰ অন্তৰ্গত পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ আৰু চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশত আলোকপাত কৰাৰ অৰ্থে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত ২০২৫ চনৰ ৯ জানুৱাৰী তাৰিখে এখন গুৰুত্বপূৰ্ণ শৈক্ষিক বৈঠক সম্পন্ন হয়।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখা আৰু বিভাগৰ ডীন, অধ্যাপক-অধ্যাপিকা আৰু বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ অধ্যক্ষৰ উপস্থিতিত আয়োজিত উক্ত অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰি মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়াই উল্লেখ কৰে যে,"ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ কেৱল এক নীতি নহয়, ই ভাৰতীয় শিক্ষাব্যৱস্থাৰ এক ঐতিহাসিক পদক্ষেপ। এই নীতিয়ে শিক্ষাক অধিক ছাত্ৰ-কেন্দ্ৰিক, বহুমুখী, নমনীয় আৰু দক্ষতা-ভিত্তিক কৰি তুলিবৰ বাবে সুস্পষ্ট দিশ প্ৰদান কৰিছে। FYUGP আৰু FYIMPৰ জৰিয়তে শিক্ষাৰ্থীসকলে গৱেষণা, উদ্ভাৱন আৰু উচ্চ দক্ষতা অৰ্জনৰ সুযোগ লাভ কৰিব পাৰে। আশা কৰিছোঁ, আমাৰ শিক্ষাৰ্থীসকলে ইয়াৰ সঠিক সদব্যৱহাৰ কৰি আগুৱাই যাব পাৰিব।"
সন্মানীয় উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ বিভিন্ন দিশক গুৰুত্ব প্ৰদান কৰি উল্লেখ কৰে যে, "ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ সফল ৰূপায়ণৰ বাবে ‘সমৰ্থ (SAMARTH)’ ব্যৱস্থাৰ কার্যকৰী প্ৰয়োগ অতি গুৰুত্বপূৰ্ণ। আৰম্ভৰ পৰাই গুৱাহাটী বিশ্ববিদ্যালয়ে শৈক্ষিক আৰু পৰীক্ষা প্ৰক্ৰিয়াসমূহ অধিক সুসংগঠিত আৰু দক্ষ কৰি তুলিবলৈ একাধিক সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে। এই পৰিৱৰ্তনৰ যাত্ৰাত সকলো অংশীদাৰৰ সহযোগিতাৰে একেলগে আগবঢ়িলেহে NEP ২০২০ৰ লক্ষ্য সফলভাৱে ৰূপায়িত কৰিব পৰা যাব।”
অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈয়ে আলোচ্য বিষয়ৰ ওপৰত বিস্তৃত তথ্য সংলগ্ন আলোকপাত কৰে। পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই শলাগৰ শৰাই আগবঢ়োৱা উক্ত অনুষ্ঠানত শ্ৰেণীসমূহৰ সচিব ড⁰ হেমন্ত কুমাৰ নাথ, অসম কলেজ অধ্যক্ষ পৰিষদ আৰু গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ বিষ়ববীয়াসকল উপস্থিত থাকে।


No comments