গুৱাহাটী বিশ্ববিদ্যালয়ত ২০২৫–২৬ বৰ্ষৰ উত্তৰ-পূৱ আঞ্চলিক প্ৰতিযোগিতা অনুষ্ঠিত
গুৱাহাটী, ১৯ জানুৱাৰী, ২০২৬ গুৱাহাটী বিশ্ববিদ্যালয়ত আজি ২০২৫–২৬ বৰ্ষৰ ভাৰতকৌশল উত্তৰ-পূৱ আঞ্চলিক প্ৰতিযোগিতাৰ উদ্ধোধন কৰা হয়। অনুষ্ঠানটিৰ শুভ উদ্ধোধন কৰে দক্ষতা বিকাশ আৰু উদ্যোগ বিভাগৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে। অনুষ্ঠানটোত লগতে ভাৰত চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল, শৈক্ষিক নেতৃবৃন্দ আৰু উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্যৰ প্ৰতিযোগীসকল উপস্থিত থাকে।
ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰ্যালয় (MSDE)ৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতা ১৯ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব। উত্তৰ-পূৰ্ৱাঞ্চলৰ পৃথকভাৱে অনুষ্ঠিত হোৱা প্ৰথমখন দক্ষতা আঞ্চলিক প্ৰতিযোগিতা হিচাপে এই অনুষ্ঠানটিয়ে চৰকাৰৰ বিশেষ গুৰুত্ব লাভ কৰিছে।
অনুষ্ঠানটিত বক্তৃতা প্ৰদান কৰি মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয়, যে “উত্তৰ-পূৱৰ ৮খন ৰাজ্যৰ যুৱক-যুৱতীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁলোকৰ প্ৰতিভাক প্ৰতিফলিত কৰিছে ।এই যুৱক-যুৱতীসকলেই দেশৰ ভৱিষ্যতৰ কৰ্মশক্তি বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
”চৰকাৰৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি তেওঁ লগতে কয়, যে "উদ্যোগবোৰে bottom-up দৃষ্টিভংগী অনুসৰণ কৰিব লাগিব, য'ত যুৱক-যুৱতীসকলেই বিকাশৰ নেতৃত্ব গ্ৰহণ কৰিব । চৰকাৰে যুৱক-যুৱতীসকলক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰাৰ বাবে ধাৰাবাহিক প্ৰচেষ্টা চলাই আছে, আৰু আজি উত্তৰ-পূৱৰ প্ৰথমখন দক্ষতা প্ৰতিযোগিতাৰ সৈতে ই এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছে ।"
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই এই যুগান্তকাৰী অনুষ্ঠানৰ আয়োজন সন্দৰ্ভত মতপ্ৰকাশ কৰি কয় যে- "গুৱাহাটী বিশ্ববিদ্যালয়ে দক্ষ, আত্মবিশ্বাসী আৰু উদ্যোগৰ বাবে সাজু যুৱক-যুৱতীসকলক আগুৱাই নিবলৈ উত্তৰ-পূৱৰ বাবে প্ৰথমখন দক্ষতা বিকাশৰ আঞ্চলিক প্ৰতিযোগিতা আয়োজন কৰিবলৈ পোৱাটো গৌৰৱৰ কথা"।
উদ্বোধনী অনুষ্ঠানত ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ যুটীয়া সচিব হেনা উষ্মানে আদৰণি ভাষণ দিয়াৰ লগতে অসম চৰকাৰৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়েও বক্তৃতা প্ৰদান কৰে।অনুষ্ঠানটিত প্ৰতিযোগীসকলে উত্তৰ-পূৱৰ প্ৰতিখন ৰাজ্যৰ সাংস্কৃতিক সাজ-পোছাক পৰিধান কৰাৰ উপৰিও ৰাজ্যকেইখনৰ কলা - সংস্কৃতিৰ পৰিৱেশন কৰে।
আই. আই. ই.-ৰ সঞ্চালক প্ৰীতম দত্তই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত অসম স্কিল ডেভেলপমেণ্ট মিছনৰ মিছন ডাইৰেক্টৰ আই. এ. এছ ড০ এম. এছ. লক্ষ্মী প্ৰিয়া; অসম চৰকাৰৰ দক্ষতা, নিযুক্তি আৰু উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব এচিএছ হানিফ নুৰানী; আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাও উপস্থিত আছিল।



No comments