গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বন্যপ্ৰাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্ৰৰ দ্বাৰা প্ৰথম বাৰ্তালোচনী উন্মোচন আৰু কেঁচুসাৰ উৎপাদনৰ শুভাৰম্ভ
গুৱাহাটী,৮ জানুৱাৰী : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে এক বিশেষ অনুষ্ঠানৰ জৰিয়তে বহনক্ষম উন্নয়ন আৰু সংৰক্ষণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে আজি বিশ্ববিদ্যালয়ৰ সভাগৃহত আয়োজিত এক অনুষ্ঠানত বন্যপ্ৰাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্ৰৰ (চি ডব্লিউ ই এছ) প্ৰথম বাৰ্তালোচনী উন্মোচন কৰাৰ লগতে এই কেন্দ্ৰৰ অধীনত কেঁচুসাৰ উৎপাদন প্ৰক্ৰিয়াৰো শুভাৰম্ভ কৰা হয়।
আনহাতে শ্ৰীমন্ত শংকৰ একাডেমী ছচাইটিৰ সভাপতি যশোদৰঞ্জন দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ আচাৰ্য জয়ন্ত ডেকাই বন্যপ্ৰাণী গৱেষণা, সংৰক্ষণ প্ৰচেষ্টা আৰু বহনক্ষম পদ্ধতিসমূহ শক্তিশালী কৰাৰ ক্ষেত্ৰত কেন্দ্ৰটোৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প দাস, কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ নাৰায়ণ শৰ্মা, অধ্যাপক সুনয়ন বৰদলৈ, আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ বিভৱ কুমাৰ তালুকদাৰ আৰু অৱসৰপ্ৰাপ্ত বন বিষয়া নাৰায়ণ মহন্তই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে।
চি ডব্লিউ ই এছৰ এই অনুষ্ঠানত বন্যপ্ৰাণী গৱেষণা আৰু পৰিৱেশ সংৰক্ষণৰ আন্তঃশাখা গৱেষণাৰ লক্ষ্যসমূহ বিতংভাৱে আলোচনা কৰা হয়। উন্মোচন হোৱা ছমহীয়া বাৰ্তালোচনীখনত কেন্দ্ৰটোৰ শৈক্ষিক দৃষ্টিভংগী, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰ্য সম্পৰ্কীয় গৱেষণা আৰু ছাত্ৰ-ছাত্ৰীৰ সজাগতামূলক কাৰ্যসূচীসমূহ স্থান পাইছে। এই বাৰ্তালোচনীখনে কেৱল গৱেষণাৰ ফলাফলসমূহ জনমানসলৈ লৈ যোৱাই নহয়, বৰঞ্চ ছাত্ৰ-ছাত্ৰী আৰু গবেষকসকলৰ বাবে সংৰক্ষণ সম্পৰ্কীয় আলোচনাৰ এখন শক্তিশালী মঞ্চ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠানৰ আন এক গুৰুত্বপূৰ্ণ দিশ আছিল কেঁচুসাৰ উৎপাদনৰ আনুষ্ঠানিক আৰম্ভণি।
জাবৰৰ পৰা সম্পদ সৃষ্টি কৰাৰ ধাৰণাৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে এই সাৰ উৎপাদন আৰু ইয়াৰ বিপণন প্ৰক্ৰিয়াৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হ'ব। এই প্ৰচেষ্টাৰ জৰিয়তে বিশ্ববিদ্যালয় চৌহদৰ পচনশীল আৱৰ্জনাবোৰ পৰিৱেশ অনুকূল সাৰলৈ ৰূপান্তৰিত কৰি এক চক্ৰীয় অৰ্থনীতিৰ আৰ্হি দাঙি ধৰা হৈছে। ইয়াৰ ফলত পৰিৱেশৰ ওপৰত পৰা কু-প্ৰভাৱ হ্ৰাস পোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ দক্ষতা বিকাশ আৰু ব্যৱহাৰিক জ্ঞানৰ পথ প্ৰশস্ত হ'ব।
ভৱিষ্যতৰ পৰিকল্পনা অনুসৰি বন্যপ্ৰাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্ৰই মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত হ্ৰাস কৰা, প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰৰ সুৰক্ষা আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃতি জ্ঞান বৃদ্ধিৰ বাবে এক বিস্তৃত কাৰ্যসূচী হাতত লৈছে। ইয়াৰ উপৰিও বিশ্ববিদ্যালয় চৌহদত বৰষুণৰ পানী সংৰক্ষণৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

No comments