প্ৰথম কালিৰাম মেধি স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন
গুৱাহাটী, জানুৱাৰী ২৮, ২০২৬ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত ফণীধৰ দত্ত প্ৰেক্ষাগৃহত বুধবাৰে পণ্ডিত কালিৰাম মেধিৰ স্মৃতিত প্ৰথম বাৰ্ষিক 'কালিৰাম মেধি আৰু অসমীয়া ভাষাতাত্ত্বিক চিন্তা-চৰ্চাৰ উন্মেষ: প্ৰসঙ্গ, প্ৰতিশ্ৰুতি আৰু প্ৰবাহ' শীৰ্ষক স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন হয়।
অনুষ্ঠানত উদ্বোধকৰ আসন অলংকৃত কৰি উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱে কালিৰাম মেধিদেৱৰ অৱদানক স্মৰণ কৰি উল্লেখ কৰে যে, "কালিৰাম মেধিদেৱ অসমীয়া ভাষাতাত্ত্বিক চিন্তা-চৰ্চাৰ এক অন্যতম পথপ্ৰদৰ্শক আছিল। তেওঁৰ গৱেষণামূলক কাৰ্য, সুসংগঠিত ভাষাতাত্ত্বিক দৃষ্টিভংগী আৰু চিন্তাশীল অৱদানসমূহে অসমীয়া ভাষা-অধ্যয়নক এক সুসংহত ভিত্তি প্ৰদান কৰিছিল। বৰ্তমানেও তেওঁৰ চিন্তা আৰু গৱেষণাসমূহ অসমীয়া ভাষাৰ অধ্যয়ন আৰু বিশ্লেষণৰ ক্ষেত্ৰত প্ৰাসংগিক হৈ আছে আৰু ভাষা-গৱেষণাৰ ক্ষেত্ৰত আগ্ৰহীসকলক অনুপ্ৰাণিত কৰি আহিছে।”
ড⁰ শ্যাম ভদ্ৰ মেধি বিশিষ্ট অতিথিৰূপে উপস্থিত থকা উক্ত অনুষ্ঠানত শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যাপক জ্যোতিপ্ৰকাশ তামূলী ডাঙৰীয়াই বক্তাৰুপে বিষয়বস্তুৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰি কয় যে, "ভাষা কেৱল শব্দৰ সংযোগ নহয় - ই আমাৰ চিন্তাৰ প্ৰতিফলন, সংস্কৃতিৰ আত্মা আৰু সামাজিক অৱগাহনৰ চালিকা শক্তি। বৰ্তমান সময়ত কালিৰাম মেধিদেৱৰ অন্বেষণ আৰু বিশ্লেষণে ভাষাক কেৱল শব্দৰ সংহতি বুলি সীমাবদ্ধ নকৰাকৈ এক সামাজিক আৰু সাংস্কৃতিক জীৱনৰ প্ৰতিকৃতি হিচাপে প্ৰতিষ্ঠা কৰিছে। তেওঁৰ সৃষ্টিৰাজিক ভৱিষ্যত প্ৰজন্মলৈ আগুৱাই নিয়াটো আমাৰ দায়িত্ব।"
উক্ত অনুষ্ঠানতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ২০২৫ বৰ্ষত স্নাতকোত্তৰ অসমীয়া শ্ৰেণীত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত মেধাসম্পন্ন শিক্ষাৰ্থী জেচমিন চৌধুৰীলৈ সফলতাৰ স্বীকৃতিস্বৰূপে 'কালিৰাম মেধি স্মাৰক বঁটা' প্ৰদান কৰা হয়। অনুষ্ঠানত বিভাগীয় মুৰব্বী অধ্যাপক কামালুদ্দিন আহমেদ সমন্বিতে অধ্যাপক - অধ্যাপিকা, গৱেষক শিক্ষাৰ্থী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে।


No comments