ধাৰাপুৰবাসী ৰাইজৰ উদ্যোগত ধাৰাপুৰ স্কুল খেলপথাৰত বৃহৎ হিন্দু সন্মিলন অনুষ্ঠিত
গুৱাহাটী :: ১৮ জানুৱাৰী বৃহত্তৰ ধাৰাপুৰবাসী ৰাইজৰ উদ্যোগত আজি ধাৰাপুৰ স্কুল খেলপথাৰত এখন হিন্দু সন্মিলনৰ আয়োজন কৰা হয় । প্ৰায় সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সন্মিলনৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বৃহত্তৰ ধাৰাপুৰ হিন্দু সন্মিলন উদযাপন সমিতিৰ সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সত্য ভৰালীয়ে, আনহাতে দেৱীৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিশ্ববিদ্যালয় নগৰ বৌদ্ধিক প্ৰমুখ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ৰাজিৱ কলিতাই ।
বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ ৬৫ গৰাকী যুৱতী-মহিলাই এটি সমৱেত সংগীত পৰিৱেশন কৰে ,
মুকলি অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সত্ৰ মহাসভাৰ সভাপতি কুসুম কুমাৰ মহন্তই সনাতন ধৰ্মৰ ইতিহাস আৰু হিন্দু সকলৰ ৰীতি পৰম্পৰা সন্দৰ্ভত এক মননশীল বক্তব্য প্ৰদান কৰে । ভাষণ প্ৰসংগত সত্ৰাধিকাৰ মহন্তই সাম্প্ৰতিক সময়ত হিন্দু সকলৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কত যুক্তি সহকাৰে আলোকপাত আগবঢ়ায় ,আন এগৰাকী বক্তা দিলীপ শৰ্মা ঔদ্যোগিক ন্যাধিকৰণৰ পঞ্জীয়ক তেখেতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিযয়ে অৰ্থাৎ কৰ্তব্যনিষ্ঠাৰ বিষয়ে বিষদ বিৱৰণ দিয়ে, ৰেলৱেৰ চিগনেল এন্দ টেলি কমিউনিকেশ্বনৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা বিশিষ্ট সমাজ সেৱিকা কল্পনা ৰাজকুমাৰে হিন্দু সন্মিলন উদযাপনৰ প্ৰাসংগিকতা সম্পৰ্কত এক তথ্য সমৃদ্ধ ভাষণ প্ৰদান কৰে ।
অনুষ্ঠানটোৰ আৰম্ভণিতে বিস্মিতা কলিতা আৰু হিমকণা কাশ্যপে জ্যোতি নৃত্য এটি পৰিৱেশন কৰে । তদুপৰি কাৰ্যসূচীৰ লগত সংগতি ৰাখি দীপা বৈশ্যই এটা বৰগীত পৰিৱেশন কৰাৰ সমান্তৰালকৈ কল্যাণী ঠাকুৰীয়া, চন্দন দাস আৰু কুমাৰ ধীৰাজে ভক্তিমূলক গীত পৰিৱেশন কৰে আৰু নিজৰা বৰুৱা কলিতাই এটি কবিতা আবৃত্তি কৰে ।
শেষত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিশ্ববিদ্যালয় নগৰ বৌদ্ধিক প্ৰমুখ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ৰাজিৱ কলিতাই আঁত ধৰা অনুস্থানটো শলাগৰ শৰাই যাঁচি সুন্দৰ কৈ সফলতাৰে সামৰনি মাৰে ।




No comments