Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

অসম আয়ুৰ্বেদিক চিকিৎসক সেৱা সন্থাৰ একাদশ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ আয়োজন


 
গুৱাহাটী  ২৮ জানুৱাৰী :: অসম আয়ুৰ্বেদিক চিকিৎসক সেৱা সন্থাৰ ১১ সংখ্যক কেন্দ্রীয় দ্বিবার্ষিক অধিবেশনখন অহা ৩০ আৰু ৩১ জানুৱাৰীত জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব। প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে ভাৰপ্ৰাপ্ত সভাপতি ডাঃ বুৰহান উদ্দিন চৌধুৰীয়ে পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক ডাঃ শংকৰ জ্যোতি দাসে শ্বহীদ তর্পণ কৰিব ৷ দিনৰ ১১ বজাত মুকলি সভা অনুষ্ঠিত হ'ব। 

ডাঃ গৌতম কুমাৰ শৰ্মাৰ সভাপতিত্বত হ'বলগীয়া মুকলি সভাখনত ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ অভিযান সঞ্চালক ডাঃ লক্ষ্মণন এছ, আয়ুষ সঞ্চালিকা ড০ ইন্দ্রনষী দাস, স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উমেশ ফাংচ', চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ প্ৰণৱজ্যোতি বৈশ্য উপস্থিত থাকিব। পৰবৰ্তী কার্য্যসূচী অনুসৰি অৱসৰপ্ৰাপ্ত চিকিৎসকসকলক সম্বর্ধনা, প্রতিনিধি সভা আৰু আগন্তক কাৰ্য্যকালৰ বাবে নতুন সমিতি গঠন কৰা হ'ব। 

দুয়োটা দিনতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। সাধাৰণ সম্পাদক ডাঃ শংকৰ জ্যোতি দাসে জানিবলৈ দিয়া মতে এই অধিবেশনত অংশগ্রহণ কৰাৰ বাবে চিকিৎসক প্রতিনিধিসকলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তৰফৰ পৰা উক্ত দুয়ো দিনৰ বাবে বিশেষ ছুটী মঞ্জুৰ কৰা হৈছে ।

No comments

Powered by Blogger.