Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

GUICE ৰ উদ্যোগত এ পি এছ চিৰ বিনামূলীয়া সাক্ষাৎকাৰ( APSC Free Interview Guidance) ৰ আয়োজন


 

গুৱাহাটী, ডিচেম্বৰ ১৭, ২০২৫ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ Gauhati University Initiative for Competitive Examinations (GUICE) ৰ উদ্যোগত ২০২৪–২৫ বৰ্ষৰ এপিএছচি চি চি ই ৰ মূল পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ বাবে এক বিশেষ বিনামূলীয়া পৰামৰ্শমূলক সাক্ষাৎকাৰ প্ৰগ্ৰেমৰ আয়োজন কৰা হৈছে। উক্ত কাৰ্যসূচী বিশেষভাৱে এপিএছচি চি চি ই ৰ ব্যক্তিত্ব পৰীক্ষাৰ আৰ্হিত ৰূপায়ণ কৰা হৈছে, যাৰ মূল উদ্দেশ্য হৈছে প্ৰাৰ্থীসকলক সু-নিৰ্দেশনাৰ জৰিয়তে গাঁথনিগত আৰু উচ্চমানৰ সাক্ষাৎকাৰৰ বাবে প্ৰস্তুত কৰি তোলা।

অসম লোকসেৱা আয়োগ (APSC)ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত ভাৰত ভূষণ দেৱ চৌধুৰীৰ তত্বাৱধানত অনুষ্ঠিত হ’বলগীয়া উক্ত সাক্ষাৎকাৰত অংশগ্ৰহণকাৰী প্ৰাৰ্থীসকলে তেখেতৰ অভিজ্ঞতাৰ জৰিয়তে পৰীক্ষা প্ৰক্ৰিয়াৰ বিষয়ে মূল্যবান পৰামৰ্শ লাভ কৰিব।

উক্ত পদক্ষেপৰ উদ্দেশ্য হৈছে প্ৰাৰ্থীসকলৰ আত্মবিশ্বাস বঢ়োৱা, উত্তৰ প্ৰদানৰ ধৰণ উন্নত কৰা আৰু মৌখিক পৰীক্ষাত কি আশা কৰা হয় সেয়া স্পষ্টকৈ বুজিবলৈ সহায় কৰা। অংশগ্ৰহণকাৰী প্ৰাৰ্থীসকলে উক্ত প্ৰগ্ৰেমত বিশেষজ্ঞসকলৰ পৰামৰ্শৰ জৰিয়তে মৌখিক সাক্ষাৎকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশসমূহ আয়ত্ব কৰিব পাৰিব।

অতি সোনকালেই সম্পূৰ্ণ বিনামূলীয়াকৈ আৰম্ভ হ'বলগীয়া উক্ত কাৰ্যসূচীত যোগ্য প্ৰাৰ্থীসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ গুগল ফৰ্ম পূৰণ কৰি সোনকালে আবেদন কৰিব পাৰিব। GUICE এ সকলো যোগ্য এপিএছচি প্ৰাৰ্থীক এপিএছচি চিচিই ২০২৪–২৫ বৰ্ষৰ মৌখিক পৰীক্ষাৰ পূৰ্বে অনুষ্ঠিত সাক্ষাৎকাৰৰ নিৰ্দেশনাৰ বাবে এই অনন্য সুযোগৰ সুবিধা ল’বলৈ আহ্বান জনাইছে।

No comments

Powered by Blogger.