Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

আন্তঃৰাষ্ট্ৰীয় পৰম্পৰাগত চিকিৎসা সম্মিলন: বৈজ্ঞানিক গৱেষণা আৰু বিশ্বব্যাপী সহযোগিতাৰ নতুন যুগৰ দিশ



গুৱাহাটী, ডিচেম্বৰ ৯ : বিশ্ব স্বাস্থ্য সংস্থা (WHO)-ৰ আন্তঃৰাষ্ট্ৰীয় পৰম্পৰাগত ঔষধ কেন্দ্ৰৰ অধীনত দ্বিতীয় WHO আন্তঃৰাষ্ট্ৰীয় পৰম্পৰাগত চিকিৎসা সম্মিলনখন ২০২৫ চনৰ ১৭-১৯ ডিছেম্বৰলৈ নতুন দিল্লীত আয়োজিত হ'ব। এই গুৰুত্বপূর্ণ শীৰ্ষ সম্মিলনখনত বিশ্বৰ বিভিন্ন দেশৰ পৰম্পৰাগত চিকিৎসা বিশেষজ্ঞ, গৱেষক, চিকিৎসক আৰু নীতিনিৰ্ধাৰকসকল উপস্থিত থাকিব। সম্মিলনখনে বৈজ্ঞানিক চিকিৎসা আৰু পৰম্পরাগত চিকিৎসাৰ মাজত অংশীদাৰীত্ব বৃদ্ধি কৰি পৰস্পৰ সহযোগিতাৰ নতুন দিশ বাতৰি দিব।

এই সম্মিলনখনত WHO নতুন আন্তঃৰাষ্ট্ৰীয় পৰম্পৰাগত চিকিৎসা কৌশল ২০২৫-২০৩৪ৰ কাৰ্যপথ প্ৰস্তুত কৰা হ'ব। লগতে সমগ্ৰ WHO অঞ্চলজুৰি পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় গৱেষণাৰ অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহ চিহ্নিত কৰি এটা দৃঢ় কার্য্যপৰিকল্পনা ঘোষণা কৰা হ'ব। ১৭ ডিছেম্বৰত অনুষ্ঠিত হ'বলগীয়া উচ্চ-স্তৰৰ মন্ত্ৰীসভাৰ বৈঠকে এই শীৰ্ষ সম্মিলনৰ লক্ষ্যসমূহক ৰাজনৈতিক প্ৰতিশ্রুতি আৰু প্ৰয়োজনীয় গতিশীলতা প্ৰদান কৰিব।

ভাৰত চৰকাৰৰ আয়ুষ মন্ত্রণালয়ৰ অধীনস্থ কেন্দ্ৰীয় হোমিঅ'পেথি গৱেষণা পৰিষদ (CCRH) এই ক্ষেত্ৰত এক মুখ্য ভূমিকা পালন কৰি আহিছে। ১৯৭৮ চনত স্থাপিত এই পৰিষদখন হোমিঅ'পেথি চিকিৎসাৰ বৈজ্ঞানিক অধ্যয়ন, ঔষধৰ মানকৰণ, উচ্চ-গুণমানৰ গৱেষণা আৰু ক্লিনিকেল নিৰীক্ষণৰ জৰিয়তে হোমিঅ'পেথিৰ প্ৰমাণভিত্তিক বিকাশত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।

উত্তৰ-পূব ভাৰতস্থিত গুৱাহাটী আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান (হোমিঅ'পেথী) অঞ্চলটোৰ জনস্বাস্থ্য উন্নতিত বিশেষ ভুমিকা পালন কৰিছে। এই প্ৰতিষ্ঠানটোৱে এলাৰ্জিক ৰাইনাইটিছ, ডিপ্ৰেছন, হেমৰ’ইড আদি ৰোগৰ ওপৰত সফল ক্লিনিকেল গৱেষণা চলাইছে। লগতে, বিনামূলীয়া চিকিৎসা শিবিৰ, ঔষধ বিতৰণ, স্বাস্থ্য সজাগতা কাৰ্যসূচী আদি উদ্যোগৰ জৰিয়তে সাধাৰণ জনগণৰ স্বাস্থ্য সুৰক্ষাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

এই দ্বিতীয় WHO বিশ্ব পৰম্পৰাগত চিকিৎসা সম্মিলনৰ জৰিয়তে পৰম্পৰাগত চিকিৎসাৰ ক্ষেত্ৰত বিশ্বব্যাপী বৈজ্ঞানিক গৱেষণা, নৱীন দিশ অনুসন্ধান আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ এটা সম্পূৰ্ণ নতুন যুগ আৰম্ভ হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে।

No comments

Powered by Blogger.