Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ সংগ্ৰহৰ ডিজিটাইজেচন প্ৰক্ৰিয়া আৰম্ভ গুৱাহাটী বিশ্ববিদ্যালয় গ্ৰন্থাগাৰৰ ঐতিহাসিক পদক্ষেপ



গুৱাহাটী, ডিচেম্বৰ ৯ : ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ A+ স্বীকৃতিপ্ৰাপ্ত তথা উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ তথা গুৱাহাটী বিশ্ববিদ্যালয়ে সাহিত্য, সংস্কৃতি, প্ৰযুক্তি আৰু গৱেষণা আদি বিভিন্ন দিশত দায়বদ্ধতাৰে সদায় উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। তাৰ এক অন্যতম নিদৰ্শন হিচাপে বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ সকলো সংগ্ৰহৰ ডিজিটাইজেচন প্ৰক্ৰিয়া আৰম্ভ কৰি ভৱিষ্যত প্ৰজন্মলৈ অধ্যয়নৰ বাট প্ৰশস্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। 

বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰৰ উদ্যোগত আৰম্ভ হোৱা উক্ত প্ৰক্ৰিয়াত কৃষ্ণকান্ত সন্দিকৈদেৱৰ দখল থকা ইটালিয়ান, স্পেনিছ, জাৰ্মান, লেটিন, ফ্ৰান্স আদি ১১ তাতকৈ অধিক ভাষাত উপলদ্ধ ৭৫০০ তকৈ অধিক সংগৃহীত গ্ৰন্থৰ ডিজিটাইজেচন কৰা হ'ব। প্ৰথম পৰ্যায়ত সংস্কৃত ভাষাৰ বিভিন্ন গ্ৰন্থৰ আঠ লাখৰ পৰা পোন্ধৰ লাখ পৃষ্ঠাক সামৰি লোৱা হ'ব। 

উক্ত মহান পদক্ষেপ সন্দৰ্ভত সন্মানীয় উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই নিজৰ মত ব্যক্ত কৰি উল্লেখ কৰে যে, "পণ্ডিত কৃষ্ণকান্ত সন্দিকৈদেৱৰ সংগ্ৰহ সমগ্ৰ অসম তথা ভাৰতৰ বাবে এক আপুৰুগীয়া সম্পদ। বৰ্তমান সময়ত তেওঁৰ সৃষ্টিৰাজি আৰু আনুসংগিক সংগ্ৰহৰ ডিজিটাইজেচন কৰাটো অত্যন্ত প্ৰয়োজনীয়। এই পদক্ষেপৰ দ্বাৰা আমি গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁৰ বিশাল সংগ্ৰহক সংৰক্ষণৰ ব্যৱস্থা কৰাৰ চেষ্টা অব্যাহত ৰাখিছো।"

কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ গ্ৰন্থাগাৰিক ড⁰ প্ৰশান্ত কুমাৰ ডেকাই উল্লেখ কৰে যে,"কৃষ্ণকান্ত সন্দিকৈদেৱৰ মূল্যবান সংগ্ৰহৰ ডিজিটাইজেচন বিশ্ববিদ্যালয়ৰ জ্ঞান সংগ্ৰহক বিশ্বব্যাপী কৰাৰ এটি ঐতিহাসিক পদক্ষেপ। আগন্তুক প্ৰজন্মই সময়-স্থান নির্বিশেষে এই সম্পদসমূহ অধ্যয়ন কৰিব পৰা ব্যৱস্থা কৰাই আমাৰ লক্ষ্য।” 

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উক্ত পদক্ষেপে পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ মহান আদৰ্শ, জীৱনী আৰু সংগ্ৰহৰ ক্ষেত্ৰত থকা প্ৰচেষ্টাৰ বিষয়ে বিতংভাৱে জানিব পাৰিব বুলি আশা কৰা হৈছে।

No comments

Powered by Blogger.