গুৱাহাটী বিশ্ববিদ্যালয়ত বিজ্ঞানী অধ্যাপক ভূপেন্দ্ৰ নাথ গোস্বামীক সম্বৰ্ধনা উদ্ভাৱনৰ দিশত মৌলিক গৱেষণা অতি প্ৰয়োজনীয় ~ বি.এন. গোস্বামী
গুৱাহাটী, ডিচেম্বৰ ৮, ২০২৫ : উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতৰ খ্যাতনামা জলবায়ু বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ অফ এক্সিলেন্স, শান্তিস্বৰূপ ভাটনাগৰ বঁটা প্ৰাপক অধ্যাপক ভূপেন্দ্ৰ নাথ গোস্বামীয়ে শেহতীয়াকৈ লাভ কৰা এ এন আৰ এফ প্ৰধানমন্ত্ৰী প্ৰফেছৰশ্বিপ স্বীকৃতিৰ প্ৰতি সন্মান জনাই বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
বিজ্ঞানী অধ্যাপক ভূপেন্দ্ৰ নাথ গোস্বামীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ক ধন্যবাদ জ্ঞাপন কৰি নিজৰ সাৰগৰ্ভ ভাষণ প্ৰদান কৰি উল্লেখ কৰে যে, "উত্তৰ পূৰ্বাঞ্চলৰ গৱেষণাৰ ক্ষেত্ৰখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱদান সদা গ্ৰহণযোগ্য। উদ্ভাৱনৰ দিশত মৌলিক গৱেষণা অতি প্ৰয়োজনীয়, যিয়ে আমাক সঠিক দিশ নিৰ্ধাৰণত সহায় কৰে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্বাৰা আমি গৱেষণাক উন্নত কৰিব পাৰো। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে স্নাতক পৰ্যায়ৰ পৰাই শিক্ষানুষ্ঠানৰ সহযোগত গৱেষণাৰ আধাৰ মজবুত কৰিব পাৰি। আশা কৰিছোঁ, ভৱিষ্যত দিনত উত্তৰ পূৰ্বাঞ্চলত গৱেষণাই অনন্য মাত্ৰা লাভ কৰিব।"
বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই অধ্যাপক ভূপেন্দ্ৰ নাথ গোস্বামীৰ সাফল্য সন্দৰ্ভত উল্লেখ কৰে যে, "উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতৰ গৱেষণাৰ ক্ষেত্ৰত অধ্যাপক ভূপেন্দ্ৰ নাথ গোস্বামীয়ে হিমালয়সদৃশ অৱদান আগবঢ়াই আহিছে। যুৱ প্ৰজন্মৰ গৱেষকক তেওঁৰ গৱেষণাই অনুপ্ৰাণিত কৰিব। গৱেষণাৰ ক্ষেত্ৰত অৰ্থপূৰ্ণ আৰু ভৱিষ্যত পৰিৱর্তনমূলক অগ্ৰগতিলৈ অৱদান আগবঢ়াবলৈ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিশ্ৰুতিবদ্ধ। আমি আশা কৰোঁ, অধ্যাপক বি. এন. গোস্বামীয়ে নিজৰ অসাধাৰণ ব্যক্তিত্বৰে এই যাত্ৰাক আগুৱাই লৈ যাব।”
বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত অধ্যাপক অধ্যাপিকা, বিশিষ্ট ব্যক্তিসকল, গৱেষক আৰু শিক্ষাৰ্থী উপস্থিত থাকে।

No comments