Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বসতিস্থান ভগদত্তপুৰত সুৰা বিপণীৰ অনুজ্ঞা পত্ৰ নিদিবলৈ আহ্বান ৰাইজৰ ; জিলা আয়ুক্ত , আবকাৰী মন্ত্ৰী, আয়ুক্ত সচিব, আয়ুক্তলৈ পত্ৰ প্ৰেৰণ



গুৱাহাটী ,২৪ ডিচেম্বৰ :  প্ৰাণৰ শিল্পী, সংগীতৰ ৰাজপুত্ৰ,  অসমীয়াৰ হিয়াৰ আমঠু , জুবিন গাৰ্গৰ বসতিস্থান গুৱাহাটীৰ কাহিলীপাৰাৰ ভগদত্তপুৰত সুৰা বিপণীৰ অনুজ্ঞা পত্ৰ  নিদিবৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাইছে সমগ্র অঞ্চলবাসী ৰাইজে। আনকি এই সন্দৰ্ভত স্থানীয় ৰাইজে  কল্যাণী সাগৰ উন্নয়ন সমিতিৰ জৰিয়তে স্বাক্ষৰ অভিযান চলাই পূণ্যভূমিলৈ ৰূপান্তৰ হোৱা ভগদত্তপুৰত সুৰা বিপণীৰ অনুজ্ঞা পত্ৰ  নিদিবলৈ সংশ্লিষ্ট কর্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে। 

স্বাক্ষৰ অভিযানৰ নেতৃত্ব লোৱা কল্যাণী সাগৰ উন্নয়ন সমিতিৰ সভাপতি হিৰণ্য কুমাৰ বৰা আৰু সাধাৰণ সম্পাদক দিপাংকৰ শৰ্মাই এক বিবৃতিত এই কথা উল্লেখ কৰি কয় যে সংগীত সূর্য তথা জাতিৰ প্ৰাণস্বৰূপ হৈ পৰা জুবিন গাৰ্গৰ মৃত্যুৱে ভগদত্তপুৰ অঞ্চলটোক এক অনন্য মাত্রা দিলে। জুবিন গাৰ্গৰ বিয়োগত সমগ্র বিশ্বজুৰি ভগদত্তপুৰ অঞ্চলটোত পৰিচিত হৈ পৰিল এক পূণ্য স্থান হিচাপে। যাৰ বাবে এতিয়াও মহান শিল্পীগৰাকীয়ে বাস কৰা ঘৰটো এবাৰ চাবলৈ আৰু পৰিয়ালক এষাৰ মাত দিবলৈ প্রতিদিনেই দেশী-বিদেশী লোকে ভিৰ কৰেহি। বহুতেই প্ৰাণৰ শিল্পীগৰাকীৰ বাসস্থানত উপস্থিত হৈ সেৱা কৰি, প্ৰাৰ্থনা জনাই আৱেগ বিহ্বল হৈ পৰাটো এতিয়া নিত্য নৈমিত্তিক দৃশ্য হৈ পৰিছে। বিশ্ববাসীৰ সন্মুখত জিলিকি উঠা এইগৰাকী ক্ষণজন্মা শিল্পীৰ বাসগৃহ হিচাপে পৰিচিতি লাভ কৰা ভগদত্তপুৰত সুৰা বিপণী দিলে বিশ্ববাসীলৈ এক অশুভ বার্তা যোৱাটো নিশ্চিত।

 আনহাতে ভগদত্তপুৰৰ দৰে   অতি ঘন আৱাসিক অঞ্চলত সুৰা বিপণী হ'লে অঞ্চলটোৰ ভৱিষ্যৎ প্ৰজন্মৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰাটো নিশ্চিত।   ইতিপূর্বে ভগদত্তপুৰত চৰকাৰে সুৰা বিপণী খোলাৰ বাবে দুবাৰকৈ নিবিদা আহ্বান কৰিছিল যদিও অঞ্চসবাসী ৰাইজৰ তীব্র আপত্তিৰ বাবে কোনো ব্যৱসায়ীয়ে অতি ঘন জনবসতিপূর্ণ অঞ্চলটোত সুৰা বিপণী খুলিবলৈ সাহস নকৰিলে। ইয়াৰ পিছতো অঞ্চলটোত তৃতীয়বাৰৰ বাবে চৰকাৰে সুৰা বিপণী খুলিবলৈ নিবিদা আহ্বান কৰাত অঞ্চলবাসী ৰাইজ স্তম্ভিত হৈ পৰিছে। উল্লেখ্য যে ৰাজ্য চৰকাৰে যোৱা ২২ নৱেম্বৰত তথ্য আৰু জনসংযোগ বিভাগৰ জৰিয়তে এক বিজ্ঞাপন প্রকাশ কৰে। বাতৰি কাকতৰ জৰিয়তে প্ৰকাশ কৰা বিজ্ঞাপনটোত গুৱাহাটী মহানগৰীৰ ভগদত্তপুৰ ,  কাহিলিপাৰাকে ধৰি ছটা অঞ্চলত নতুনকৈ সুৰা বিপণী দিয়াৰ বাবে বিজ্ঞাপনটোৰ জৰিয়তে নিবিদা আহ্বান কৰে। একেটা বিজ্ঞাপনতে নিবিদা দাখিলৰ অন্তিম দিন ধাৰ্য্য কৰে ২০২৬ চনৰ ২৯ জানুৱাৰী। বিজ্ঞাপনটোত ভগদত্তপুৰৰ নামটো তৃতীয়বাৰৰ বাবে পুনৰ উল্লেখ কৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

 ২০২৪ চনৰ জানুৱাৰী মাহতো ভগদত্তপুৰৰ এই ঘন জনবসতিপূর্ণ অঞ্চলটোত সুৰা বিপণী দিয়াৰ বাবে চৰকাৰে বিজ্ঞাপন প্রকাশ কৰিছিল। কিন্তু সেই সময়ত কল্যাণী সাগৰ উন্নয়ন সমিতিৰ লগতে অঞ্চলবাসী ৰাইজে ইয়াৰ বিৰুদ্ধে একাধিক লিখিত আপত্তি-পত্র দাখিল কৰে। যাৰ বাবে সেইবাৰ এই অঞ্চলটোত সুৰা বিপণীৰ বাবে নিবিদা দাখিল কৰিবলৈ কোনো ব্যৱসায়ী আগবাঢ়ি নাহিল। ইমানৰ পিছতো পুনৰ চৰকাৰখনে তৃতীয়বাৰৰ বাবে অঞ্চলটোত সুৰা বিপণী আবণ্টন দিয়াৰ বাবে আকোৰগোেজ স্থিতি লৈছে। বাৰে বাৰে অঞ্চলটোৰ বাতাবৰণ বিনষ্ট কৰিবলৈ গৈ চৰকাৰৰ এনে সিদ্ধান্ত লোৱাত স্বাভাৱিকতে ক্ষুন্ন হৈ পৰিছে স্থানীয় ৰাইজ। ৰাইজৰ এনে ক্ষোভৰ বর্হিপ্রকাশ ঘটিলে অঞ্চলটোত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব। 

কিয়নো এতিয়াও জুবিন গাৰ্গৰ বিয়োগক লৈ সকলোৱে আৱেগিক হৈ আছে। সেয়ে অঞ্চলটোত সুৰা বিপণীৰ আবণ্টন নিদিবৰ বাবে কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তক অঞ্চলবাসী  ৰাইজৰ হৈ কল্যাণী সাগৰ উন্নয়ন সমিতিৰ ফালৰ পৰা আপত্তি-পত্র দাখিল কৰা হৈছে। আনকি জিলা আয়ুক্তক দাখিল কৰা আপত্তি-পত্ৰৰ প্ৰতিলিপি আবকাৰী মন্ত্ৰী, বিভাগটোৰ আয়ুক্ত সচিব আৰু আবকাৰী আয়ুক্তলৈও প্ৰেৰণ কৰা হৈছে। ইমানৰ পিছতো অঞ্চলটোত সুৰা বিপণীৰ আবণ্টন দিলে হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰেই জগৰীয়া হ'ব বুলি পৰিষদৰ নেতৃদ্বয়ে সকীয়াই দিয়ে।

No comments

Powered by Blogger.