Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ত আৰ্ম ফৰ্চ ফ্লেগ ডে উদযাপন



 গুৱাহাটী  ৮ ডিচেম্বৰ : বিশ্ববিদ্যালয় চৌহদত সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উদযাপন কৰে।  কাৰ্যসূচীত অংশগ্ৰহণ কৰি  বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই কয় যে এই দিনটো প্ৰতি বছৰে ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ পৰা দেশৰ ইউনিফৰ্ম পৰিহিত ব্যক্তিসকল, সেৱা আগবঢ়োৱা জোৱান, প্ৰাক্তন সেনাবাহিনীৰ লোক, যুদ্ধত ক্ষতিগ্ৰস্ত, বিধৱা আৰু তেওঁলোকৰ পৰিয়ালকে ধৰি কৃতজ্ঞতা আৰু সমৰ্থন প্ৰদৰ্শন কৰি পালন কৰা হয়। 

 উক্ত অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ ছাত্ৰকল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ  কাকতিয়ে কয় যে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস তিনিটা মূল উদ্দেশ্য সাধন কৰে: সেৱা আগবঢ়োৱা কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণ, প্ৰাক্তন সেনা জোৱান আৰু যুদ্ধত ক্ষতিগ্ৰস্তৰ প্ৰতি সমৰ্থন, ৰাষ্ট্ৰীয় কৃতজ্ঞতা আৰু সংহতি প্ৰকাশ কৰা অৰ্থাৎ ই সশস্ত্ৰ বাহিনীৰ জোৱানসকলে কৰা ত্যাগক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত নাগৰিকক একত্ৰিত কৰি ৰাষ্ট্ৰীয় ঐক্যৰ পোষকতা,  দেশপ্ৰেম আৰু তেওঁলোকৰ অৱদানৰ বিষয়ে সজাগতা। 

 বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰসন্থৰ  সভাপতি গুঞ্জন ডেকাই কয় যে প্ৰতিজন নাগৰিকক প্ৰতিৰক্ষা বাহিনী আৰু তেওঁলোকৰ নিৰ্ভৰশীল লোকৰ কল্যাণৰ বাবে স্বেচ্ছাই অৱদান আগবঢ়াবলৈ অনুৰোধ জনায়। সমাৱেশত সাংবাদিকতা আৰু জনসংযোগ বিভাগৰ মুৰব্বী অধ্যাপক  ড০ চন্দন কুমাৰ গোস্বামীয়েও ভাষণ দিয়ে।  

স্নাতকোত্তৰ ছাত্ৰসন্থাৰ সম্পাদক প্ৰবাল শৰ্মাই শলাগৰ শৰাই আগবঢ়ায় আৰু লগতে উপস্থিত সকলোৱে দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ বাবে এক মিনিট মৌনতা অৱলম্বন কৰে।  বিশ্ববিদ্যালয় পৰিয়ালৰ সদস্যসকলে সশস্ত্ৰ বাহিনীৰ কল্যাণৰ বাবে উদাৰতাৰে স্বেচ্ছামূলক অনুদান আগবঢ়ায়।

No comments

Powered by Blogger.