Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিমানবন্দৰ পৰিসৰত প্ৰথম গৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ বিশাল প্ৰতিমূৰ্তি অনাৱৰণ কৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই



গুৱাহাটী ২০ ডিসেম্বৰ  অসমৰ বাবে আজি অন্য এটি গৌৰৱময় মুহূৰ্ত। গুৱাহাটী বিমানবন্দৰ পৰিসৰত বৰেণ্য অসম সন্তান, অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ বিশাল প্ৰতিমূৰ্তি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই অনাৱৰণ কৰে। স্বাভাৱিকতে এই ক্ষণ অসমৰ ইতিহাসৰ এক বিৰল ক্ষণ হিচাপে বিবেচিত হ'ব৷



ভাৰতৰত্ন গোপীনাথ বৰদলৈ ডাঙৰীয়া আছিল আধুনিক অসমৰ ভেটি গঢ়োঁতা৷ গ্ৰুপিঙৰ সময়ত অসমক পূব পাকিস্তানৰ সৈতে একত্ৰিত হোৱাৰ পৰা ৰক্ষা কৰাত তেখেতৰ ভূমিকা আছিল বিশেষৰো বিশেষ৷ তেখেতৰ অদম্য প্ৰচেষ্টাৰ বাবেই আজি আমি গৌৰৱান্বিত ভাৰতীয় হিচাপে নিজৰ পৰিচয় অক্ষুণ্ণ ৰাখিব পাৰিছোঁ৷ এক সবল অসমৰ ভেটি গঢ়াত তেখেতৰ ভূমিকা আৰু বলিষ্ঠ নেতৃত্বৰ বাবে আমি তেখেতৰ ওচৰত সদায়ে ঋণী হৈ থাকিম৷

প্ৰসিদ্ধ ভাস্কৰ, সদ্যপ্ৰয়াত ৰাম সুতাৰ ডাঙৰীয়াৰ দ্বাৰা নিৰ্মিত এই প্ৰতিমূৰ্তিভাগি মহান নেতাজনৰ প্ৰতি আমাৰ এক বিনম্ৰ শ্ৰদ্ধাঞ্জলিৰ প্ৰয়াস মাথোঁ। দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী বিমানবন্দৰৰ প্ৰৱেশদ্বাৰত প্ৰতিমূৰ্তিভাগ প্ৰতিষ্ঠা কৰাটোৱে ইয়াক আৰু অধিক বিশেষ কৰি তুলিছে।

.


No comments

Powered by Blogger.